/asomiyapratidin/media/media_files/2025/05/27/2ERBZMYy7TyD7cspNc98.jpeg)
মামা, আমাক এখন দলং দিয়ক
ডিজিটেল সংবাদ, হাজোঃ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান হাজোৰ একাংশ কণমানি শিক্ষাৰ্থীৰ। নৱ গঠিত ৰঙিয়া বিধানসভা সমষ্টিৰ কঞা বৰপুল্লা গাঁও পঞ্চায়তৰ অন্তৰ্গত গৰমশুং গাঁওৰ এইসকল কণমানি শিক্ষাৰ্থীয়ে এখন টুলুঙা নাৱত উঠি অতি বিপদসংকুলভাৱে যাত্ৰা কৰে বিদ্যালয়লৈ। ভৰ বাৰিষা ফেনে ফুটুকাৰে বাঢ়ি অহা বৰলীয়া নৈ পাৰ হৈ বিদ্যালয়লৈ যোৱা কণ কণ শিক্ষাৰ্থীৰ মুখ্যমন্ত্ৰী লৈ অনুৰোধ, "মামা আমাক এখন দলং দিয়ক"।
উল্লেখযোগ্য, ১৯৭০ চনতে চৰকাৰী পাৰঘাট ৰূপে স্বীকৃতি পোৱা এই গৰমশুং ঘাটত আজিলৈ নচলিল চৰকাৰী নাও। ৰঙিয়া গড়কাপ্তানি বিভাগৰ অধীনস্থ এই ঘাটত এই পৰ্যন্ত নহ'ল এখন পকী দলং। বিভাগীয় অভিযন্তাক বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো নিদিলে কোনো গুৰুত্ব। স্থানীয় বিধায়ক ভবেশ কলিতা, সাংসদ দিলীপ শইকীয়াৰ পৰাও আজিলৈকে নাপালে কোনো সুফল। যাৰ বাবে এই সকল ছাত্ৰ ছাত্ৰীয়ে নৈৰ পাৰত উপস্থিত হৈ হাত জোৰ কৰি মুখ্যমন্ত্ৰীক জনাইছে কাতৰ আহ্বান। পিছে, ভাগিনৰ কাতৰ আহ্বান মামা হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।