/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4c8a7c3f-863c-4fd3-86bf-2d340614f41a/aasu1.jpg)
AASU
ডিজিটেল সংবাদ,বিহপুৰীয়াঃ বিহপুৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ২০২২-২০২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচন বৃহস্পতিবাৰে সফলতাৰে সম্পন্ন হৈ যায়। নিৰ্বাচনত আছু সমৰ্থিত অধিকাংশ প্ৰাৰ্থী বিজয়ী হয়।
সভাপতি, সাধাৰণ সম্পাদককে প্ৰমুখ্য কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদত বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হোৱাত বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰফুল্ল দেউৰী আৰু সাধাৰণ সম্পাদক হীৰকজ্যোতি বৰুৱাই অভিনন্দন জ্ঞাপন কৰিছে ৷
নিৰ্বাচনত সভাপতি পদত তাৰাচন্দ দাগাই বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰাৰ বিপৰীতে সাধাৰণ সম্পাদক পদত খনিন্দ্ৰ মাধৱ ভূঞাই বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰে।
সহকাৰী সাধাৰণ সম্পাদক পদত ঋত্বিক পাল, আলোচনী সম্পাদক পদত বিতুপন ভূঞা, সাংস্কৃতিক সম্পাদক পদত বিশ্বৰূপা দেউৰী, উৎসৱ সম্পাদক পদত ৰোহিত চৌধুৰী, তৰ্ক আৰু সাহিত্য সম্পাদক পদত পূজা নেওগ, আন্তঃ ক্ৰিয়া সম্পাদক পদত তনুজ গগৈ আৰু বহিঃ ক্ৰিয়া সম্পাদক পদত ইকবাল আহমেদ জয়ী হয়।