নবম শ্ৰেণীৰ ছাত্ৰীক দুৰাতি নিৰ্যাতন চলাই কোনে এৰি থৈ গ’ল চিকিৎসালয়ত ?

নবম শ্ৰেণীৰ ছাত্ৰীক চিকিৎসালয়ত মুমূৰ্ষ অৱস্থাত পেলাই থৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
নবম শ্ৰেণীৰ ছাত্ৰীক দুৰাতি নিৰ্যাতন চলাই কোনে এৰি থৈ গ’ল চিকিৎসালয়ত ?

nagaon incident

ডিজিটেল সংবাদ,নগাঁওঃ নবম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক চিকিৎসালয়ত মুমূৰ্ষ অৱস্থাত পেলাই থৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বৃহস্পতি বাৰে সন্ধিয়া এই ঘটনা পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Advertisment

বৰ্তমান কিশোৰী গৰাকী নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মহিলা কক্ষত চিকিৎসাধীন হৈ আছে ৷

জানিব পৰা মতে ধিঙ দগাঁৱৰ কিশোৰী গৰাকী যোৱা মঙ্গলবাৰে অপহৃত হৈছিল ৷ বিদ্যালয়লৈ যোৱাৰ পথত কিশোৰী গৰাকীক অচিনাক্ত যুৱকে অপহৰণ কৰি অজ্ঞাত স্থানলৈ গৈ যৌন নিৰ্যাতন চলাইছিল ৷ দুনিশা নিৰ্যাতন চলাই কিশোৰী গৰাকীক বৃহস্পতি বাৰে ৰাতিপুৱা এখন বাছত এৰি থৈ গৈছিল যুৱকৰ দল এটাই ৷

বাছৰ ভিতৰত এৰি থৈ যোৱা যুৱতী গৰাকীক বিয়লি ভাগত ৩ জনীয়া এটি দলে এখন টমটম ( বেটেৰী চালিত ৰিস্কা )ত উঠাই নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয় চৌহদত থৈ দলটো আতৰি যায় ৷

উল্লেখ্য যে উক্ত ৩ জনীয়া দলটোত ২ জন যুৱক আছিল ৷ পিছত চিকিৎসালয়ৰ আৰক্ষীয়ে কিশোৰী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাই ৷

আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত চিকিৎসালয়ৰ চি চি কেমেৰা পৰীক্ষা কৰি এৰি থৈ যোৱা দলটোৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে ৷

nagaon police Assam police