Advertisment

কপাহেৰাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

কপাহেৰা আঞ্চলিক মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলৰ সম্বৰ্ধনা, নৱাগত আদৰণি সভা, সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী সভা আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
a

ডিজিটেল সংবাদ, বটদ্ৰৱা:   মৰিগাঁও জিলাৰ কপাহেৰা আঞ্চলিক মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলৰ সম্বৰ্ধনা, নৱাগত আদৰণি সভা, সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী সভা আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তদুপলক্ষে অঞ্চলৰ সমাজকৰ্মী বাবুল চন্দ্ৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদেশ্য ব্যখ্যা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিভাৰানী বৰাই।

Advertisment

সহকাৰী শিক্ষক বিজয় বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি মৰিগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই "ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক দিশৰ লগতে নৃত্য, গীত, খেল ধেমালি আদিৰ দক্ষতা বৃদ্ধি কাৰ্যসূচী যথেষ্ট সহায়ক হয়। নতুন শিক্ষা নীতিৰ আধাৰত ছাত্ৰ ছাত্ৰী সকল আগবাঢ়ি যাবলৈ এনেকুৱা পৰিৱেশৰ খুৱ প্ৰয়োজনীয়। মই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতি সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো" বুলি ভাষন প্ৰদান কৰে।

সভাৰ মাজতে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক গামোছা, মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় আৰু  উত্তৰ প্ৰদেশৰ বৰেলিত অনুষ্ঠিত সৰ্বভাৰতীয় স্কুল ভলীবল প্ৰতিযোগিতাত অসমৰ হৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা কপাহেৰা আঞ্চলিক মাধ্যমিক বিদ্যালয়ৰ পৰা ছাত্ৰী পাপৰি বৰদলৈকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

পাছত বঁটা বিতৰণী সভা বিভিন্ন শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰী সকলক পুৰস্কৃত কৰা হয়। পল্লৱ বৰদলৈ, নিমিষা ফাংচু, পৰিস্মৃতা ডেকাকে আদি কৰি কেইবাগৰাকী ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বৰগীত, আধুনিক নৃত্য, সমবেত সংগীত আদি সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰে অনুষ্ঠিত অনুষ্ঠানটিত অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ প্ৰধান শিক্ষক, অতিথি, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক সহ পাঁচ শতাধিক লোক উপস্থিত থাকে। 

কপাহেৰা