ছেলফীয়ে হ’ল কাল! ট্ৰেইনৰ খুন্দাত অকাল মৃত্যু কিশোৰৰ

ছেলফীয়ে হ’ল কাল! ট্ৰেইনৰ খুন্দাত অকাল মৃত্যু কিশোৰৰ

author-image
asomiyapratidin
New Update
ছেলফীয়ে হ’ল কাল! ট্ৰেইনৰ খুন্দাত অকাল মৃত্যু কিশোৰৰ

ডিজিটেল ডেস্ক: ছেলফী ল'বলৈ গৈ অকাল মৃত্যুক সাৱতি ল'লে এজন কিশোৰে। এই ঘটনা উত্তৰ প্ৰদেশৰ বৰেলী জিলাৰ। কিশোৰজনে ৰেলৱে ষ্টেচনৰ ওচৰত ছেলফী লোৱাৰ সময়ত ট্ৰেইনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় আৰু পাছত মৃত্যু হয়।

Advertisment

আৰক্ষীয়ে জনোৱা অনুসৰি মৃত কিশোৰ জনৰ নাম চাহিল (১৬)আৰু তেওঁ একাদশ শ্ৰেণীত অধ্যয়নৰত আছিল।আৰক্ষীয়ে কয় যে মঙলবাৰে চাহিলে বন্ধুৰ সৈতে ষ্টেচনৰ ওচৰত ফুৰিবলৈ গৈছিল। চাহিলে ছেলফী লোৱাৰ সময়তে এখন ট্ৰেইনে খুন্দা মাৰে আৰু পাছত তেওঁৰ মৃত্যু হয়।

প্ৰথম অৱস্থাত চাহিল গুৰুতৰভাৱে আহত হয় আৰু গাঁৱৰ একাংশলোকে তেওঁক হস্পাতাললৈ লৈ যায়। তেওঁৰ অৱস্থা ইমানেই বেয়া আছিল যে আৰক্ষীয়ে অন্য হস্পাতাললৈ প্ৰেৰণ কৰে আৰু তাতে তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

uttar pradesh dead train