/asomiyapratidin/media/media_files/2024/12/17/CDvGTyiwnQYQXhttPrmA.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ অন্তৰ্গত হাওৰাঘাট তিনিআলিত মঙলবাৰে দিনৰ ১২ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নগাঁৱৰ পৰা ডিমাপুৰ অভিমুখী নম্বৰৰ ১২ চকীয়া ট্ৰাক এখনে পাছফালৰ পৰা তীব্ৰ জোৰে খুন্ধা মাৰে চলন্ত চাইকেল এখনত ।
পিতৃয়ে নিজৰ পুত্ৰক চাইকেলত উঠাই চলাই গৈ থকা অৱস্থাত পাছফালৰ পৰা ট্ৰাকখনে তীব্ৰ জোৰেৰে খুন্দা মাৰে । ফলত তৃতীয় শ্ৰেণীত অধ্যয়নৰত ৯ বছৰীয়া ছাত্ৰ আতুৰ কিৰি বে'ৰ থিতাতে মৃত্যু হয় ।
হাওৰাঘাট তিনিআলিৰ কাৰ্কক টংক্লং বে' গাঁৱৰ মিতছন বে' নামৰ লোকজনে নিজৰ তৃতীয় শ্ৰেণীত পঢ়ি থকা আতুৰ কিৰি বে'ক চাইকেলত তুলি লৈ চুলি কাটিবলৈ গৈ থকা অৱস্থাতে পাছফালৰ পৰা ট্ৰাকখনে খুন্দিওৱাৰ ফলত পিতৃ গৰাকী কিছু দূৰৈত চিটিকি পৰে । কিন্তু দুৰ্ভগীয়া ছাত্ৰজনৰ গাৰ ওপৰৰে ১২ চকীয়া ট্ৰাকখন পাৰ হৈ যায় । ফলত থিতাতে নিহত হয় ছাত্ৰজন ।
৯ বছৰীয়া কণমানি ছাত্ৰৰ অকাল বিয়োগে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে । ইপিনে মদ্যপান কৰি গাড়ী চলোৱা বাবে এই দুৰ্ঘটনাটো ঘটিছে বুলি স্থানীয় লোকসকলে অভিযোগ কৰে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ।