/asomiyapratidin/media/media_files/2025/07/12/382-2025-07-12-22-12-01.jpg)
ডিজিটেল সংবাদ, নগাঁও : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিক সমিতিৰ উদ্যোগত শনিবাৰে পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত বাপুজী ভৱন ও পুথিভঁৰালৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এক সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানত ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পুৰণিগুদাম আৰু চামগুৰিৰ কেইবাখনো বিদ্যালয়,মহাবিদ্যালয়ৰ কৃতি ছাত্ৰ -ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
উক্ত অনুষ্ঠানত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পুৰণিগুদাম, চামগুৰি অঞ্চললৈ গৰিমা কঢ়িয়াই অনা প্ৰায় তিনি শতাধিক ছাত্ৰ- ছাত্ৰী তথা অভিভাৱক উপস্থিত থাকে। অনুষ্ঠানটোৰ আৰম্ভণিতে পৰিষদৰ পতাকা উত্তোলন কৰে পুৰণিগুদাম আঞ্চলিক সমিতিৰ সভাপতি প্ৰাণকৃষ্ণ ডেকাই।
আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মাহমুদৰ ৰহমানে শ্বহীদ তৰ্পণ কৰাৰ পাছতেই অভিনন্দন অনুষ্ঠান উদ্বোধন কৰে অসম চৰকাৰৰ শস্য,বীজ উন্নয়ন নিগমৰ অধ্যক্ষ মণিমাধৱ মহন্তই। অনুষ্ঠানত নগাঁও জিলাৰ নৱ নিযুক্ত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকি ছাত্ৰ- ছাত্ৰী আৰু আৰু অভিভাৱকসকলক উদ্দেশ্যি প্ৰেৰণামূলক ভাষণ প্ৰদান কৰে।
চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ইন্দ্রজিৎ বেজবৰুৱা উপস্থিত থকাৰ লগতে পুৰণিগুদাম অঞ্চলৰ বহু গন্য মান্য ব্যক্তি উপস্থিত থকাৰ উপৰিও অনুষ্ঠানটোত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দীপমনি বড়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দেৱাৰ্শীষ দাস, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উপদেষ্টা পার্থপ্ৰতিম বৈৰাগী,উপ সভাপতিদ্বয় ক্ৰমে চন্দন ফুকন, মিলন দাস, যুটীয়া সম্পাদক দিব্যজিত হাজৰিকা, সাংগঠনিক সম্পাদক ওৱাচিফ আলম, জিলা কাৰ্যনিৰ্বাহক সদস্য অজয়জ্যোতি বৰুৱা, ধৰ্মেন্দ্ৰ দাস, কামাল মৰিয়া, জাতীয় মহিলা পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদিকা অনুৰাধা বৰগোঁহাই উপস্থিত থাকে।
লগতে আঞ্চলিক সমিতিৰ খলিলুৰ ৰহমান, মিন্টু ডেকা,মিন্টু আলিৰ উপৰি চামগুৰিৰ যুৱ নেতা লক্ষীৰঞ্জন কাকতি উপস্থিত থাকে। অনুষ্ঠানত ছাত্ৰ- ছাত্ৰীসকলক একোখনকৈ মানপত্ৰ আৰু গামোচাৰ সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিখন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলকো একোখনকৈ গামোচা আৰু এটি স্মাৰক প্ৰদান কৰা হয়।