ডিজিটেল ডেস্কঃ চীনত এষাৰ বিখ্যাত প্ৰবাদ আছে- পৃথিৱীৰ সকলো শ্ৰেষ্ঠ আৰু মহান মানুহ দৰিদ্ৰ আৰু অখ্যাত ঠাইৰ পৰা আহে। জীৱনত সফলতা লাভ কৰিবলৈ আৰ্থিকভাৱে অধিৰ স্বচ্চল হোৱাৰ প্ৰয়োজন নাই। আমাৰ বিশ্বত এনে কিছুমান সফল তথা বিখ্যাত ব্যক্তি আছে যিসকলে দৰিদ্ৰতা তথা আৰ্থিক অনাটনক নেওঁচি সফলতা লাভ কৰিছে।
মধ্যবিত্ত পৰিয়ালত জন্ম এজন যুৱক। হাভাৰ্ড বিশ্ববিদ্যালয়ৰ আটাইতকৈ মেধাৱী ছাত্ৰ। কিন্তু কম্পিউটাৰ চফ্টৱেৰ তৈয়াৰ কৰাৰ অদম্য নিচাত হাভাৰ্ড বিশ্ববিদ্যালয় ত্যাগ কৰিছিল। ৩২ বছৰ পিছত হাভাৰ্ড বিশ্ববিদ্যালয়ৰ অধিৱেশনৰ তেখেত আছিল মুখ্য বক্তা। তেখেতৰ নাম – বিল গেটচ ।
আন এজন ল’ৰাৰ কথা। বাৰ বছৰ বয়সত ঘৰৰ পৰা পলাই গৈছিল। ১৩ বছৰ বয়সত জীৱনৰ প্ৰতি হতাশ হৈ আত্মহত্যাৰ চেষ্টা চলাইছিল। জীৱনত কোনোদিন বিশ্ববিদ্যালয় গৰকি নাপালে। কিন্তু লিখি উলিয়াইছিল বিখ্যাত গ্ৰন্থ – “My Universities”। তেওঁৰ নাম – মেক্সিম গৰ্কি ।
ইফালে আন এজন ল’ৰাৰ কথা। মাক বাপেক ইমানেই দুখীয়া আছিল যে জন্মৰ পিছত নাম পঞ্জীয়ন কৰোতেই দুদিন দেৰি কৰিছিল। সেইজনেই এতিয়াৰ ফুটবল কিংবদন্তী – ৰোণাল্ডো ।
পিতৃ এগৰাকী নাৱৰীয়া। পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নোহোৱা বাবে শৈশৱত পেপাৰ বিক্ৰী কৰিছিল। বিদ্যালয়ত তেখেতে মজলীয়া গ্ৰেড পাইছিল। তেখেতক চিনি নোপোৱা এই পৃথিৱীত হয়তো কোনো নোলাব। তেখেত হ’ল- এ.পি.জে আব্দুল কালাম
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ ১০ বাৰ আবেদন কৰি ১০ বাৰেই প্ৰত্যাখ্যান হৈছিল। চাকৰিৰ বাবে ৩০টা ইণ্টাৰভিউত ফেইল হৈছিল। কিন্তু আজি তেখেত পৃথিৱীৰ অন্যতম বৃহৎ অনলাইনভিত্তিক প্ৰতিষ্ঠান ‘আলিবাবা ডট কম’ৰ প্ৰতিষ্ঠাপক আৰু চেয়াৰমেন। তেখেত হ’ল –জ্যাক মা।