/asomiyapratidin/media/media_files/2025/02/24/fbzzFC1bAilxHheEx6XX.jpg)
নাম- প্ৰসংগৰে তীব্ৰ প্ৰতিবাদ
ডিজিটেল সংবাদ, মায়ং : অসম চৰকাৰৰ ভূ-তত্ব আৰু খনন সঞ্চালকালয় বিভাগৰ দ্বাৰা মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক 'হাতীউঠা' পাহাৰখনন কৰি গ্ৰেনাইট প্ৰস্তুত কৰাৰ বাবে যি নিবিদা আহ্বান কৰিছে তাকে লৈ ৰাইজৰ মাজত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ সৃষ্টি হৈছে। পাহাৰ ধ্বংস কৰা কাৰ্যৰ বিৰুদ্ধে ৰাইজে ইতিমধ্য কেইবাবাৰো ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে।
বিগত দিনবোৰৰ দৰে সোমবাৰেও ক্ষোভিত ৰাইজে তৃতীয় পৰ্যায়ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে। বৃহত্তৰ অঞ্চলটোৰ মহিলাসকলে নাম গাই, পূজা- পাতল কৰি চৰকাৰৰ সুমতি ঘুৰি অহাৰ আহ্বান জনাইছে।
উল্লেখযোগ্য যে, হাতীউঠা অঞ্চলৰ ৰাইজৰ আবেগ আৰু সাহসৰ প্ৰতীক হাতীউঠা পাহাৰখন সুৰক্ষিত হৈ থকাটো বিচাৰিছে ৰাইজে। অসমৰ সম্পদ এপদ- এপদকৈ বিক্ৰী কৰাৰ দৰে হাতীউঠা পাহাৰ বিক্ৰী কৰিবলৈ দিয়া নহ’ব বুলিও সকীয়াই দিছে ৰাইজে।
ইয়াৰ উপৰি প্ৰয়োজন হ’লে জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব বুলি হুংকাৰ প্ৰদান কৰে ক্ষোভিত ৰাইজে। উল্লেখযোগ্য যে ৰাইজৰ এই প্ৰতিবাদৰ প্ৰতি মৰিগাঁও জিলাৰ বিভিন্ন দল- সংগঠনৰ নেতৃত্বই সহযোগিতা আগবঢ়াইছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us