/asomiyapratidin/media/media_files/2026/01/24/hsasaj-2026-01-24-17-05-27.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১৫ নিযুত লোক ষ্ট্ৰ'কত আক্ৰান্ত হোৱাৰ উপৰিও ৫০ লাখ ব্যক্তিৰ মৃত্যু হয় আৰু আন ৫০ লাখ ব্যক্তিয়ে আজীৱন পংগুত্বক আকোঁৱালি লয়। কেৱল ভাৰততে প্ৰতি বিশ ছেকেণ্ডত এজন লোক ষ্ট্ৰ'কত আক্ৰান্ত হয়। সেয়ে ষ্ট্ৰ'কৰ সজাগতাৰ লক্ষ্যৰে উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান জি এন আৰ চি হাস্পতালে এলানি বিশেষ পদক্ষেপ হাতত লৈছে।
ইয়াৰ অংশৰূপে, শনিবাৰে নগাঁৱত এক সংবাদমেল সম্বোধন কৰে জি, এন, আৰ, চি, হাস্পতাল কৰ্তৃপক্ষই। নগাঁও চহৰৰ গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা এই সংবাদমেলখনত বিশিষ্ট ৰেডিঅ'লজিষ্ট ডাঃ ফিৰদৌছ আহমেদ, স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ অমিত ৰঞ্জন বৰুৱা, এম্বুলেন্স সেৱাৰ মূৰব্বী ৰছিদুল ইছলামৰ লগতে জ্যেষ্ঠ প্ৰবন্ধক মৃণাল আলি হাজৰিকা উপস্থিত থাকে।
চিকিৎসা প্ৰতিষ্ঠানটিৰ বিশেষজ্ঞ সকলে সংবাদমেলত দাবী কৰে যে, ৯০ শতাংশলৈকে ষ্ট্ৰ'ক প্ৰতিৰোধ কৰিব পৰা যায় । লগতে, জনসাধাৰণক ষ্ট্ৰ'কৰ পৰা হাত সাৰিবলৈ হ'লে নিয়মিত ৰক্তচাপ পৰীক্ষা কৰা, ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা, ধূমপান, সুৰাপান ত্যাগ কৰি শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিবলৈ আহ্বান জনায় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us