/asomiyapratidin/media/media_files/2026/02/12/115-2026-02-12-21-26-44.jpg)
ডিজিটেল সংবাদ, ধেমাজি : কেইবাটাও দাবী তুলি ধেমাজি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত অংঙ্গনবাদী কৰ্মী আৰু সহায়িকাসকলে বৃহস্পতিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰা, অংঙ্গনবাদী কৰ্মী- সহায়িকাসকলক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, অংঙ্গনবাদী কৰ্মী- সহায়িকাসকলক মাননিৰ সলনিৰ মজুৰি দিয়া ব্যৱস্থা কৰা, অংঙ্গনবাদী শ্ৰমিকৰ ট্ৰেড ইউনিয়ন অধিকাৰ স্বীকৃতি দিয়া, পঞ্চাশ বছৰ কাৰ্য্যকাল সফল কৰা শিশু সংহত উন্নয়ন প্ৰকল্পক উচিত মৰ্যাদা প্ৰদান কৰা আদি কেইবাটাও দাবী উত্থাপন কৰি ধেমাজি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত অংঙ্গনবাদী কৰ্মী আৰু সহায়িকাই এক ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/12/whatsapp-image-2026-2026-02-12-21-26-59.jpeg)
হাতে- হাতে বেনাৰ পোষ্টাৰ, প্লেৰ্কাড লৈ আমাৰ দাবী মানিবই লাগিব ইত্যাদি শ্ল'গানেৰে ধেমাজি থানা তিনি আলিৰ ১৫ নং ৰাষ্ট্ৰীয় পথেৰে প্ৰতিবাদ কৰি নলনীপাম বজাৰৰ সমীপত প্ৰতিবাদী কাৰ্য্যসূচী সামৰণি পৰে ৷ কাৰ্য্যসূচীৰ অন্তত নলনীপাম বজাৰৰ সমীপতে এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷
অসম ৰাজ্যিক অংঙ্গনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী মনিমালা গগৈয়ে প্ৰতিবাদী সভাত জিলা সমিতিৰ সম্পাদিকা জোনমণি শইকীয়া, ধেমাজি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অংঙ্গনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী ৰুবী দিহিঙীয়া আৰু সম্পাদিকা ভাৰতী সোনোৱালে বক্তব্য ৰাখি তেওঁলোকৰ দাবীসমূহ শীঘ্ৰেই পুৰণ কৰিবলৈ দাবী
জনায় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us