নামৰূপত বীৰ লাচিত সেনাৰ ধৰ্মঘট কাৰ্য্যসূচী

বুধবাৰে নামৰূপৰ শৰ্মা তিনিআলিত বীৰ লাচিত সেনা নামৰূপ আঞ্চলিকৰ কৰ্মকৰ্তাসকলে দিনজোৰা প্ৰতিবাদী ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে

author-image
Asomiya Pratidin
New Update
নামৰূপত ধৰ্মঘট কাৰ্য্যসূচী

নামৰূপত ধৰ্মঘট কাৰ্য্যসূচী

ডিজিটেল সংবাদ, নামৰূপ : বুধবাৰে নামৰূপৰ শৰ্মা তিনিআলিত বীৰ লাচিত সেনা নামৰূপ আঞ্চলিকৰ কৰ্মকৰ্তাসকলে দিনজোৰা প্ৰতিবাদী ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। উল্লেখযোগ্য যে বিগত কিছুদিন পূৰ্বে যোৰহাটৰ ৰাজপথত জৈন ধৰ্মালম্বীসকলৰ এক ধৰ্মীয় শোভাযাত্ৰাত কেবাগৰাকীও বাবাই উলংগ অৱস্থাৰে অংশগ্ৰহণ কৰিছিল। 

ইয়াক লৈ সমগ্ৰ অসমজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতে আজি নামৰূপত বীৰ লাচিত সেনা নামৰূপ আঞ্চলিকে ইয়াৰ প্ৰতিবাদত দিনজোৰা ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। এইক্ষেত্ৰত বীৰ  লাচিত সেনা ডিব্ৰুগড় জিলাৰ বিষয়ববীয়া প্ৰাঞ্জিত গগৈয়ে কয় যে সকলো ধৰ্মই নিজা নীতি নিয়ম পালন কৰাৰ অধিকাৰ আছে। কিন্তু সেইবুলি ধৰ্মৰ নামত ৰাজপথত উলংগভাৱে ঘূৰি ফুৰাটো   কোনো সভ্য সমাজৰ বাবে  গ্ৰহণযোগ্য নহয়।  

বীৰ লাচিত সেনাই ইয়াৰ তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে উক্ত কাৰ্যসূচীৰ বিৰুদ্ধে ইতিমধ্যে  যোৰহাটকে মুখ্য কৰি বিভিন্ন স্থানত প্ৰতিবাদী  কাৰ্যসূচী ৰূপায়ন কৰিছিল। কিন্তু এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা  বীৰ লাচিত সেনাৰ কেইবাগৰাকী নেতাক আৰক্ষীয়ে  মঙ্গলবাৰে আটক কৰে।  আজিৰ প্ৰতিবাদথলীৰ পৰা গ্ৰেপ্তাৰ হোৱা নেতাসকলক  মুকলি কৰি দিবলৈও দাবী জনাই  বীৰ লাচিত সেনা নামৰূপ আঞ্চলিকে।  

namrup