ইংলেণ্ডৰ পৰিৱেশত কঠোৰ অনুশীলন ভাৰতীয় দলৰ

আই পি এলৰ ভাগৰ সামৰি জাতীয় দলত যোগ দিছে অধিকাংশ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ সদস্যই। আই পি এল এতিয়া অতীত। এতিয়া লক্ষ্য এটাই- ইংলেণ্ডৰ ভূমিক কেনেকৈ ‘তেণ্ডুলকাৰ- এণ্ডাৰছন’ ট্ৰফী আজুৰি আনিব পাৰি। 

author-image
Asomiya Pratidin
New Update
india test

ডিজিটেল ডেস্ক : আই পি এলৰ ভাগৰ সামৰি জাতীয় দলত যোগ দিছে অধিকাংশ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ সদস্যই। আই পি এল এতিয়া অতীত। এতিয়া লক্ষ্য এটাই- ইংলেণ্ডৰ ভূমিক কেনেকৈ ‘তেণ্ডুলকাৰ- এণ্ডাৰছন’ ট্ৰফী আজুৰি আনিব পাৰি। 

Advertisment

কিয়নো এইবাৰ দলত নাই কেইবাগৰাকী অভিজ্ঞ তাৰকা খেলুৱৈ। কিছুদিন পূৰ্বে টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৰোহিত শৰ্মা, বিৰাট কোহলি আৰু ৰবিচন্দ্ৰন অশ্বিনে। গতিকে যুৱ শক্তিৰে গঠিত দলেৰে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব লাগিব ভাৰত।

ind

এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, ইংলেণ্ডত অনুষ্ঠিতব্য টেষ্ট শৃংখলা গুৰু গম্ভীৰ আৰু নৱনিযুক্ত অধিনায়ক শুভমন গীলৰ বাবে হ’ব অগ্নিপৰীক্ষাসদৃশ। ইতিমধ্যে ইংলেণ্ডৰ পৰিৱেশৰ সৈতে খাপ খাব পৰাকৈ কেইদিনমান পূৰ্বে লণ্ডনত উপস্থিত হৈছে গীল নেতৃত্বাধীন দলটো। 

তাত তেওঁলোকে খেলিছে দুখন বেচৰকাৰী টেষ্ট মেচ। দুয়োখন মেচতে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলে আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। দুয়োখন মেচ সমাপ্ত হোৱাৰ পাছত এতিয়া লণ্ডনৰ পৰিৱেশত কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে দলটো।

ind

গুৰু গম্ভীৰৰ চোকা দৃষ্টিৰ সন্মুখত নেটত অনুশীলন কৰিছে বুমৰাহ, গীল, কে এল ৰাহুল আদিয়ে। বুমৰাহৰ বিধ্বংসী বলিং আক্ৰমণক প্ৰত্যাহ্বান জনাইছে শুভমন গীলে। জানিব পৰা মতে ভালেখিনি সময় বুমৰাহৰ বলিঙৰ সন্মুখত বেটিং অনুশীলন কৰে অধিনায়ক গীলে। 

একেসময়তে ঋষভ পণ্টেও বহুখিনি সময় উইকেটৰ পিছফালে অনুশীলন চলায়। পণ্টে মহম্মদ চিৰাজৰ বলিঙৰ সন্মুখত কিছু সময় বেটিঙো কৰে বুলি জনায় এক সূত্ৰই।

ind vs eng