/asomiyapratidin/media/media_files/2025/06/17/aIpeidkr6kHgY1MW0ZYB.jpg)
ডিজিটেল ডেস্কঃ ভাৰত-বাংলাদেশ সীমান্তত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে।মঙলবাৰে কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
জিলাখনৰ আৰক্ষী-প্ৰশাসনে উগ্ৰপন্থী গোটৰ সম্ভাৱ্য গতি-বিধি ৰোধ কৰাৰ লগতে সীমান্ত সংলগ্ন অঞ্চলসমূহত অবৈধভাৱে সামগ্ৰী আৰু গো-সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জিলা উপায়ুক্ত মৃদুল যাদৱে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)-ৰ ধাৰা ১৬৩ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে।
এক চৰকাৰী বিবৃতিত কোৱা হৈছে, "জিলাখনত শান্তি-শৃংখলা ভংগ কৰাৰ উদ্দেশ্যে উগ্ৰপন্থী গোটসমূহৰ গতি-বিধিৰ বিষয়ে লাভ কৰা প্ৰতিবেদনসমূহৰ পটভূমিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। লগতে সীমান্ত সংলগ্ন অঞ্চলসমূহৰ জৰিয়তে অবৈধভাৱে সামগ্ৰী আৰু গো-সৰবৰাহ ৰোধ কৰাটো ইয়াৰ মূল উদ্দেশ্য।"
এই নিষেধাজ্ঞা ভংগ কৰা আৰু যিকোনো ধৰণৰ অপৰাধমূলক কাৰ্যত লিপ্ত হোৱা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকিয়াই দিয়া হৈছে।