Advertisment

বাটৰ নাটেৰে সজাগতা বৃদ্ধিৰ চেষ্টা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ

মোবাইল - কম্পিউটাৰৰ বৰ্ধিত নিচাই কেনেকৈ উদ্বেগ আৰু হতাশাৰ দৰে মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে সেই বিষয়ে প্ৰদৰ্শন কৰা তেওঁলোকৰ অভিনয়ে আটাইকে মুগ্ধ কৰে। বাটৰ নাটকেইখন গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ তিনিটাকৈ ভিন্নস্থানত পৰিবেশন কৰা হয়। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰিলে বাটৰ নাট। যুৱ সমাজৰ প্ৰতি লক্ষ্য ৰাখি অতি প্ৰাসংগিক বিষয়সমূহৰ ওপৰত সজাগতা বিয়পোৱাৰ উদ্দেশ্যে বিশ্ববিদ্যালয় চৌহদত বাটৰ নাটৰ আয়োজন কৰে। 

Advertisment

এই অনুষ্ঠানত মাদকদ্ৰব্য আৰু মোবাইল আসক্তিক বিষয় হিচাপে লৈ দুখনকৈ বাটৰ নাট পৰিবেশন কৰা হয়, য'ত ছাত্র-ছাত্ৰীসকলে শক্তিশালী বাৰ্তা আৰু শক্তিশালী শ্লোগানেৰে দৰ্শকৰ মাজত সজাগতা বৃদ্ধি কৰাৰ চেষ্টা কৰে।

প্ৰথমখন নাটত ছাত্ৰ-ছাত্ৰীসকলে "নিচামুক্ত সমাজ" শীৰ্ষক এখন বাটৰ নাট উপস্থাপন কৰি সুৰা আৰু ড্ৰাগছৰ আসক্তিৰ বিধ্বংসী প্ৰভাৱৰ ওপৰত অভিনয়ৰ জৰিয়তে প্ৰাসংগিক বাৰ্ত্তা এটা প্ৰচাৰ কৰে। এই নাটখনে নিচামুক্ত সমাজ এখন গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শক্তিশালী শ্লোগানেৰে তেওঁলোকৰ নাটৰ সামৰণি মাৰে।

নাটকখনে ধৈৰ্য্য, আত্মসংযম আৰু আত্মবিশ্বাসৰ সহায়ত এনেধৰণৰ আসক্তিসমূহৰ পৰা উদ্ধাৰ পোৱাৰ বাৰ্ত্তা সবলভাৱে উপস্থাপন কৰে। আনখন নাটত বিশেষকৈ ছ'চিয়েল মিডিয়া আৰু অনলাইন গেমিংৰ জৰিয়তে অত্যধিক মোবাইল ফোন ব্যৱহাৰৰ ভয়ংকৰ পৰিণতি প্ৰদৰ্শন কৰি "স্ক্ৰীণটাইম: এক আধুনিক ভয়াবহতা" শীৰ্ষক এখন চিন্তা-উদ্দীপক নাট প্ৰদৰ্শন কৰে।

মোবাইল - কম্পিউটাৰৰ বৰ্ধিত নিচাই কেনেকৈ উদ্বেগ আৰু হতাশাৰ দৰে মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে সেই বিষয়ে প্ৰদৰ্শন কৰা তেওঁলোকৰ অভিনয়ে আটাইকে মুগ্ধ কৰে। বাটৰ নাটকেইখন গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ তিনিটাকৈ ভিন্নস্থানত পৰিবেশন কৰা হয়। 

দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিয়ে ছাত্র ছাত্ৰীসকলক যথেষ্ট অনুপ্ৰাণিত কৰে। উল্লেখ্য যে এই পদক্ষেপৰ লক্ষ্য আছিল ছাত্ৰ-ছাত্ৰীসকলক এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত চিন্তা কৰিবলৈ উৎসাহিত কৰা আৰু এখন সুস্থ সবল সমাজ গঢ়ি তোলাৰ দিশত পদক্ষেপ গ্ৰহণ কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়