মৰিগাঁও জিলা কাৰাগাৰৰ আজৱ কাণ্ড : জে''ল হাজোতিৰ হাতৰ পৰা মোবাইল ফোন জব্দ...

মৰিগাঁও জিলা কাৰাগাৰৰ এগৰাকী জে'ল হাজোতিৰ হাতত মোবাইল ফোন থকা ঘটনাই এতিয়া সচেতন মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে মৰিগাঁও অসামৰিক চিকিৎসালয় লক-আপত ।

author-image
Asomiya Pratidin
New Update
মৰিগাঁও জিলা কাৰাগাৰৰ আজৱ কাণ্ড

মৰিগাঁও জিলা কাৰাগাৰৰ আজৱ কাণ্ড

ডিজিটেল সংবাদ, মৰিগাঁও : মৰিগাঁও জিলা কাৰাগাৰৰ এগৰাকী জে'ল হাজোতিৰ হাতত মোবাইল ফোন থকা ঘটনাই এতিয়া সচেতন মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে মৰিগাঁও অসামৰিক চিকিৎসালয় লক-আপত ।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি, মৰিগাঁও জিলা কাৰাগাৰাত কাৰাবন্দী ৰাকেশ মেধি নামৰ কয়দীজনে বুধবাৰে পেটৰ বিষ বুলি দিনৰ প্ৰায় ১১ মান বজাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছিল। জাগীৰোড থানাৰ এটা গোচৰত কাৰাবন্দী হৈ থকা ৰাকেশ মেধিয়ে চিকিৎসালয়ৰ লক-আপৰ বিচনাত ব্যৱহাৰ কৰিছিল মোবাইল। 

এনে অৱস্থাতে হাজোতি ৰাকেশে হাস্পতালত মোবাইল ফোন ব্যৱহাৰ কৰি থকা এটা ভিডিঅ’ ভাইৰেল হৈ পৰে। তাৰ পাছতে মৰিগাঁও সদৰ আৰক্ষীয়ে ততালিকে অভিযান চলাই হাজোতি ৰাকেশ মেধিৰ পৰা লুকুৱাই ৰখা অৱস্থাত মোবাইল ফোনটো জব্দ কৰে। 

হাজোতি ৰাকেশক কোনে মোবাইল ফোন যোগান ধৰিলে, সেয়া এতিয়া ৰহস্যৰ বিষয় হৈ পৰিছে। প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বেও মৰিগাঁও জে’লৰ পৰা পলায়ন কৰিছিল পাঁচজন কয়দী।

marigaon