তালিবানে কাবুল দখল কৰাৰ সময়ত মই সন্তান সম্ভৱা আছিলো, সেইবাবে...

আফগানিস্তানত তালিবানৰ শাসনৰ পিছতে দেশখনত আৱদ্ধ হৈ থকা এগৰাকী ভাৰতীয় মহিলা দেশলৈ উভতি আহিছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, কন্যাৰ সৈতে নিজ দেশলৈ ঘূৰি অহা মহিলাগৰাকী আফগানিস্তানত ব্যাপক নিৰ্যাতনৰ সন্মুখীন হৈছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
আফগানিস্তান

আফগানিস্তান

ডিজিটেল ডেস্কঃ আফগানিস্তানত তালিবানৰ শাসনৰ পিছতে দেশখনত আৱদ্ধ হৈ থকা এগৰাকী ভাৰতীয় মহিলা দেশলৈ উভতি আহিছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, কন্যাৰ সৈতে নিজ দেশলৈ ঘূৰি অহা মহিলাগৰাকী আফগানিস্তানত ব্যাপক নিৰ্যাতনৰ সন্মুখীন হৈছিল।

ভাৰতীয় মূলৰ এগৰাকী আফগান ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ আফগানিস্তানলৈ যোৱা মহিলাগৰাকী দেশলৈ উভতি আহিবলৈ বাৰে বাৰে চেষ্টা চলাইছিল যদিও বিফল হৈছিল। আৰু অৱশেষত মহিলাগৰাকী দেশলৈ কন্যাসহ সুকলমে উভতি আহে। ভাৰতলৈ উভতি আহি তেওঁ সংবাদমাধ্যমৰ আগত কয় যে, আফগানিস্তানত মহিলাৰ ওপৰত আতিহাৰ্য চলোৱা হৈছে। আমি চৰম হতাশাত দিন পাৰ কৰিছিলো। 

মহিলাগৰাকীয়ে লগতে কয়- তালিবানে কাবুল দখল কৰাৰ পাছতে অধিক বিশৃংখল হৈ পৰিছিল আফিগানিস্তান। আমি ভাৰতলৈ আহিব লগা বিমান ধৰিব পৰা নাছিলো। সেই সময়ত মই সন্তানসম্ভৱা আছিলো। ভাৰতলৈ আহিব নোৱাৰাত আফগানিস্তানতে জন্ম হৈছিল আমাৰ কন্যা সন্তান। 

তালিবানে আফগানিস্তানত নাৰী তথা মহিলাৰ ওপৰত আৰোপ কৰা নানান নিষেধাজ্ঞাৰ কথাও সদৰি কৰে মহিলাগৰাকীয়ে। আফগানিস্তানত মহিলাৰ স্বাধীনতা কিদৰে নোহোৱা কৰিছে তাৰো বিৱৰণ দাঙি ধৰে মহিলাগৰাকীয়ে। 

আফগানিস্তান