/asomiyapratidin/media/media_files/2025/05/26/FbNKrv1kChEd6BzBYFxq.jpg)
সাহিত্যিক দুৰ্লভ বুঢ়াগোহাঁই আৰু নাই
ডিজিটেল সংবাদ, গড়গাঁও : বিশিষ্ট সাংবাদিক, গল্পকাৰ তথা শিশু সাহিত্যিক দুৰ্লভ বুঢ়াগোহাঁই আৰু নাই। সোমবাৰে চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে সাহিত্যিকগৰাকীৰ ।
উল্লেখযোগ্য যে, গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুৰ্লভ বুঢ়াগোহাঁই হৃদৰোগত আক্ৰান্ত হোৱাৰ লগতে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ প্ৰায় পষেককাল পূৰ্বৰে পৰা ডিব্ৰুগড়ৰ মেডিচিটি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ।
অৱশেষত আজি বিয়লি দেহাৱসান ঘটে দুৰ্লভ বুঢ়াগোঁহাইৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫বছৰ। দুৰ্লভ বুঢ়াগোঁহাইৰ মৃত্যুত বিভিন্ন দল- সংগঠনে শোক প্ৰকাশ কৰিছে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us