/asomiyapratidin/media/media_files/2025/04/30/URMWZqLDkm8IyaNiKdXh.jpg)
ধনঞ্জয় ৰয়ৰ কৃতিত্ব
ডিজিটেল সংবাদ, নগাঁও: মনত উদ্যম থাকিলে কোনো সমস্যাই কেতিয়াও বাধাৰ প্ৰাচীৰ হৈ থিয় দিব নোৱাৰে। এই কথা প্ৰমাণ পুনৰবাৰ কৰিলে নগাঁৱৰ এজন ছাত্ৰই। উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত নগাঁৱৰ শিশু গৃহৰ আবাসী এগৰাকী ছাত্ৰৰ কৃতিত্বই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। পাঁচবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হোৱা নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম বিকাশ পৰিষদৰ দ্বাৰা পৰিচালিত বাটাৰফ্লাই শিশু গৃহত বিগত প্ৰায় ১৩ বছৰে আশ্ৰয় লৈ থকা ঘাট মাউৰা ছাত্র গৰাকীৰ নাম ধনঞ্জয় ৰয়।
নগাঁৱৰ অন্যতম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এফ জি আই ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক কলা শাখাৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ চাৰিটা বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। তেওঁ লেটাৰ পোৱা বিষয়সমুহ হৈছে শিক্ষা, ৰাজনীতি বিজ্ঞান, ইতিহাস আৰু ভুগোল। ডিষ্টিংচন লাভ কৰি তেওঁ মুঠ ৪১০ নম্বৰ লাভ কৰিছে। তেওঁৰ উত্তীৰ্ণৰ হাৰ ৮২ শতাংশ।
উল্লেখ্য যে, নগাঁও চহৰৰ হয়বৰগাঁও শান্তিপুৰৰ এটা দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা ধনঞ্জয় ৰয়ৰ ১৩ বছৰ বয়সত পিতৃৰ মৃত্যু হয়। তেওঁৰ পিতৃৰ মৃত্যুৰ এবছৰ মান পূৰ্বে পক্ষাঘাতগ্ৰস্ত হয় মাতৃ। যাৰ বাবে এগৰাকী ভগ্নীৰ সৈতে ধনঞ্জয় অসহায় হৈ পৰি নগাঁও চহৰৰ ধিং গেটৰ এখন হোটেলত শ্ৰমিক হিচাপে নিয়োজিত হয়। মাহীয়েকে পৰৱৰ্তী সময়ত ছাতেৰজনক তুলি দিয়ে জিলাখনৰ ৰাঙলুস্থ বাটাৰ ফ্লাই শিশু গৃহটিত। এই শিশু গৃহটিৰ তত্বাৱধানতে তেওঁ ৰাঙলু হাইস্কুলতে ২০১৮ চনতে অষ্টম শ্ৰেণীতে নাম ভৰ্তি কৰি পৰৱৰ্তীকালত একেখন শিক্ষানুষ্ঠানৰ পৰাই ২০২৩ চনতে সুক্ষাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।
ইয়াৰ এবছৰ পিছত অৰ্থাৎ ২০২৪ চনত তেওঁৰ ৰুগীয়া মাতৃৰো বিয়োগ ঘটে। এফ জি আই ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা শাখাত অধ্যায়ন কৰা ছাত্ৰ গৰাকীৰ সম্পূৰ্ণ খৰছ বহন কৰে স্বেচ্ছাসেৱী অনুষ্ঠান আৰু বিদ্যালয়খনৰ কৰ্তৃপক্ষই। পিতৃ-মাতৃহীন ছাত্ৰ গৰাকীৰ সফলতাত স্বাভাৱিকতে আজি শিশু গৃহটিৰ লগতে বিদ্যালয় কৰ্তৃপক্ষক উৎফুল্লিত কৰি তুলিছে। ছাত্র গৰাকীৰ এনে কৃতিত্বৰ ভাবে বিদ্যালয় আৰু শিশু গৃহটোৰ কৰ্তৃপক্ষৰ প্ৰতি চৰম কৃতজ্ঞতা প্ৰকাশ কৰে।
ছাত্ৰ গৰাকীয়ে ভৱিষ্যতে হোটেল মেনেজমেণ্ট অথবা হস্পিতাল এডমিনেষ্ট্ৰেচন বিষয়ত অধ্যয়ন কৰি এগৰাকী স্বাৱলম্বী হোৱাৰ মত ব্যক্ত কৰে সংবাদ মাধ্যমক। ইয়াৰ বাবদ হোৱা খৰছ কোনে বহন কৰিব বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে, তেওঁক শিশুৰ গৃহৰ আবাসী হিচাপে ১৮ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সলৈ প্ৰতি মাহে দিব লগা ৪ হাজাৰ টকাৰ জমা ধনৰ পৰাই শিক্ষা ব্যয়বহন কৰিব। ধনঞ্জয় ৰয়ৰ ফলাফলে এটা কথা পুনৰ বাৰ প্ৰমাণ কৰিলে, মনত উদ্যম থাকিলে দৰিদ্ৰ বা অন্য কোনো সমস্যা শিক্ষা গ্ৰহণৰ হেঙাৰ হ'ব নোৱাৰে।