দীপামণিৰ জীৱন সংগ্ৰাম
ডিজিটেল সংবাদ, লংকা: শাৰিৰীক প্ৰতিবন্ধকতাক নেওচি স্ব-উৰ্পাজনৰে জীৱনৰ বাটত বাট বুলা এগৰাৰী যুৱতীৰ কাহিনী। লংকাৰ কাকী তেলিয়াটিৰ যুৱতীগৰাকীৰ নাম দীপামণি বৰা। ৩৩ বছৰীয়া দীপামণিৰ কঠোৰ সংগ্ৰামে অনুপ্ৰেৰণা দিছে বহুজনক। জন্মৰ পৰায়েই বিশেষভাৱে সক্ষম দীপামণিৰ এখন হাত বিকলাংগ যদিও কঠোৰ মানসিক বলেৰে জীৱন সংগ্ৰাম কৰি আহিছে। দীপামণিৰ কাহিনীয়ে অনুপ্ৰাণিত কৰিব আপোনাকো।
দীপামণিয়ে চৰকাৰৰ পৰা পোৱা অৰণোদয় আঁচনিৰ ১২৫০ টকা ধনক মূলধন কৰি ইয়াৰে এপদ-এপদকৈ হাঁহ,মূৰ্গী,ছাগলী,গৰু পুঁহি নিজৰ বয়োবৃদ্ধ মাকৰ লগতে নিজেও জীৱিকা উলিয়াইছে। এনেদৰেই দুজনীয়া পৰিয়ালটো জীৱন সংগ্ৰামত কাৰো ওচৰত হাত নপতাকৈ চলি গৈছে।
পিছে আজিকোপতি দ্ৰৰিদ্ৰজনলৈ চৰকাৰে আগবঢ়োৱা এটি চৰকাৰী আৱাসগৃহ লাভ নকৰিলে দীপামণিয়ে। ইয়াতো আক্ষেপ নাই দীপামণিৰ।
অৰণোদয় ধনৰ সদ্ব্যৱহাৰ কৰি কঠোৰ সংগ্ৰামেৰে আগবাঢ়ি যোৱা আৰু বহুতৰ বাবে অনুপ্ৰেৰণা হোৱা দীপামণিলৈ আজি আৰ্ন্তজাতিক নাৰী দিৱসৰ দিনটোত আমিও জনালো শুভকামনা।