পশ্চিম মাছখোৱাত ধুমুহা -বৰষুণ

এজাক প্ৰবল বেগী ধুমুহা বৰষুণত বিধ্বস্ত হ'ল ঢকুৱাখনা সমজিলা । বুধবাৰে বিয়লিৰ পৰা নিশা ৯-৩০ বজাৰ বাতৰি লেখা পৰ্যন্ত অব্যাহত থকা এজাক মুষলধাৰ বৰষুণ আৰু শিহৰণকাৰী ধুমুহাৰ গ্ৰাসত

author-image
Asomiya Pratidin
New Update
পশ্চিম মাছখোৱাত ধুমুহা -বৰষুণ

ডিজিটেল সংবাদ, ঢকুৱাখনা : এজাক প্ৰবল বেগী ধুমুহা বৰষুণত বিধ্বস্ত হ'ল ঢকুৱাখনা সমজিলা । বুধবাৰে বিয়লিৰ পৰা নিশা ৯-৩০ বজাৰ বাতৰি লেখা পৰ্যন্ত অব্যাহত থকা এজাক মুষলধাৰ বৰষুণ আৰু শিহৰণকাৰী ধুমুহাৰ গ্ৰাসত পৰি সমজিলাখনৰ ভিন্ন স্থানৰ ঘৰ -বাৰী,বৈদ্যুতিক খুঁটা, প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি ছিঙি ৰাজপথৰ ওপৰত পৰি  নিশ্চিহ্ন হয় ।

Advertisment

প্ৰধানকৈ গন্ধিয়া, ধেনুখণা বাটমাৰী, শিঙিয়া আদি পঞ্চায়তৰ ঘৰ -বাৰী,গছ -বিৰিখ, বিদ্যুতৰ খুঁটা আদি ভাঙি তহিলং কৰে । পশ্চিম মাছখোৱা অঞ্চলৰ গন্ধিয়া, ঘাৰমৰা, বিজয়পুৰ, কঠালপৰা ,ন মধুপুৰ, মধুপুৰ বাগানকে ধৰি বিস্তৰ গ্ৰামাঞ্চলত তাণ্ডৱ চলাই জনজীৱন সন্ত্ৰস্তময় কৰি তোলে।

সমান্তৰালভাৱে অন্য স্থানতো ধুমুহা -বৰষুণৰ তাণ্ডৱ অব্যাহত থকাৰ বাতৰি পোৱা গৈছে । এনেবোৰ গ্ৰামাঞ্চলত গৃহহীন বিধ্বস্ত পৰিয়ালসমূহ মাজত নিশা হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

ইয়াৰোপৰি ঢকুৱাখনা পৌৰসভাৰ অন্তৰ্গত বিভিন্ন ৰাজপথত কৃত্ৰিম বানৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । ধুমুহা বৰষুণৰ ফলত সমগ্ৰ ঢকুৱাখনাৰ বিদ্যুৎ যোগান বন্ধ হৈ পৰিছে । ঢকুৱাখনা, মাছখোৱা আদি ৰাজপথৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড গছ পৰি যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ।  

dhakuakhana