/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/46bc522f-ddb4-4a8c-af26-3f0d2ce3101f/bande_bharat.jpg)
শেষ হোৱা নাই বন্দে ভাৰত এক্সপ্ৰেছৰ কাহিনী ! এইবাৰ শিল দলিয়াই ভাঙিলে খিৰিকী
ডিজিটেল ডেস্কঃ বন্দে ভাৰত এক্সপ্ৰেছক লৈ শেষ হোৱা নাই বিতৰ্ক। এটাৰ পিছত এটা বিতৰ্ক আৰু অঘটনৰ সন্মুখীন হৈছে বন্দে ভাৰত এক্সপ্ৰেছ।
শেহতীয়াকৈ পশ্চিমবংগত শুভাৰম্ভণি কৰা হৈছিল বন্দে ভাৰত এক্সপ্ৰেছৰ। কিন্তু শুভাৰম্ভণিৰ মাত্ৰ ৪ দিন পিছতেই শিল দলিয়াই গ্লাছ ভাঙিলে এই বিশেষ ৰে'লখনৰ।
অভিযোগ অনুসৰি মালদাহৰ কুমাৰগঞ্জ ষ্টেচনৰ সমীপত হাওৰা অভিমুখী বন্দে ভাৰত এক্সপ্ৰেছত শিলগুটি নিক্ষেপ কৰা হৈছিল। সোমবাৰে সংঘটিত হোৱা এই শিলগুটি নিক্ষেপ কাণ্ডৰ বাবেই ৰে'লখনৰ খিৰিকী ভাঙি গৈছে।
এই ঘটনা সন্দৰ্ভত নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰে'লৱেই এজাহাৰ দাখিল কৰিছে। কৰ্তৃপক্ষই মঙলবাৰে মালদাৰ ছামছি ষ্টেচনত দাখিল কৰে এই এজাহাৰ। আনহাতে ঘটনা সন্দৰ্ভত আই বিয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ।
#BreakingNews
Stones were pelted at Bande Bharat Express, glass doors were broken. The incident allegedly took place near Samsir Kumarganj in Malda on Monday. It is alleged that stones were thrown at the right side door glass of the coach, C 13. #VandeBharat @RailNf pic.twitter.com/uTshbtZZGR— AARITRA GHOSH (@ReporterAaritra) January 2, 2023
ক্লিক কৰি পঢ়কঃ ৩১ জনুৱাৰীৰ পৰা নতুন সংসদ ভৱনত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন...