Advertisment

কাছমাৰীৰ শৈলস্তম্ভ সংৰক্ষণৰ দাবী স্থানীয় লোকৰ

ঐতিহাসিক কাছমাৰী অঞ্চলত অৱস্থিত কছাৰী ৰজাৰ শাসনকালতে নিৰ্মিত শিলাস্তম্ভ সমূহৰ উপযুক্ত সংৰক্ষণ কৰাৰ দাবী কৰিছে স্থানীয় লোকে । পৰ্যটকৰ আকৰ্ষণৰ বাবে সুন্দৰকৈ উদ্যান গঢ়ি তোলাৰো দাবী ৰাইজৰ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, গোলাঘাটঃ ঐতিহাসিক কাছমাৰী অঞ্চলত অৱস্থিত কছাৰী ৰজাৰ শাসনকালতে নিৰ্মিত শিলাস্তম্ভ সমূহৰ উপযুক্ত সংৰক্ষণ কৰাৰ দাবী কৰিছে স্থানীয় লোকে । পৰ্যটকৰ আকৰ্ষণৰ বাবে সুন্দৰকৈ উদ্যান গঢ়ি তোলাৰো দাবী ৰাইজৰ। গ্ৰাম্য বজাৰ, পিকনিক স্পট', ক্ৰীড়া প্ৰকল্প আদি গঢ়ি তুলি অসম-নগালেণ্ড সীমান্তৱৰ্তী এলেকাটোত দুয়োখন ৰাজ্যৰ মাজত সমন্বয় গঢ়ি তোলাৰ আহ্বান।

Advertisment

মেৰাপানীৰ কাছমাৰি অঞ্চলত অৱস্থিত এই শৈলস্তম্ভ সমূহৰ আশে-পাশে আছে বড়ো, মিছিং, কছাৰি আদি জনগোষ্ঠীৰ বসতি। উক্ত জনগোষ্ঠী সমূহৰ পৰম্পৰাগত সাঁজ-পাৰ, পৰম্পৰাগত খাদ্য সম্ভাৰক লৈ গঢ়ি উঠিব পাৰে এখন ডাঙৰ গ্ৰাম্য বজাৰ। জনগোষ্ঠী সমূহৰ সাংস্কৃতিক কাৰ্যসূচী সমূহক লৈ গঢ়ি তুলিব পাৰে এক সমন্বয় আৰু ভাতৃত্ববোধ। কাছমাৰিৰ ঐতিহাসিক শৈলস্তম্ভক লৈ এই সম্ভাৱনাৰ কথা উল্লেখ কৰে ইতিহাসবিদ সকলৰ লগতে স্থানীয় ৰাইজে।

গোলাঘাট জিলাৰ দেওপাহাৰক সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা কাৰ্যক সকলোৱে আদৰণি জনাইছে। দেওপাহাৰৰ দৰেই কাছমাৰিৰ শৈলস্তম্ভ সমূহৰ সংৰক্ষণ আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দাবী জনায় ৰাইজে ।

উল্লেখযোগ্য যে অনুমান কৰা অনুসৰি কছাৰী ৰজাৰ শাসন কালত তেৰ চৈধ্য শতিকাত নিৰ্মাণ কৰা হৈছিল এই সমল সমূহ। এই সমল সমূহৰ বিষয়ে লিখিত তথ্য পোৱা নাযায় যদিও ই এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে।

বৰ্তমান এই কাছমাৰী অঞ্চলত সেই সময়ৰ সৰ্বমুঠ ৩৫ টা সুন্দৰ নক্সাকটা স্তম্ভ আছে। এই স্তম্ভ কেইটাক দুটা ভাগত বিভক্ত কৰিব পাৰি প্ৰথমটো হ'ল চেছমেন পিলাৰ বা গোলাকাৰ শৈলস্তম্ভ আৰু দ্বিতীয়টো ছোৱাৰ্ড - ব্লেড পিলাৰ বা তৰোৱালৰ নক্সাকটা শৈলস্তম্ভ। এই শৈল স্তম্ভবোৰ কছাৰী বীৰ সকলৰ স্মৃতিত উচৰ্গা কৰি নিৰ্মাণ কৰা হৈছিল বুলি উল্লেখ আছে। ।ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগে সংৰক্ষণ কৰা  এই স্তম্ভসমূহ কছাৰী বংশৰ স্থাপত্য ভাস্কৰ্যৰ এক সুন্দৰ নিদৰ্শন ।খনন কাৰ্যত উদ্ধাৰ হোৱা বৃহৎ আকৃতিৰ শিলাস্তম্ভ সমূহ বৰ্তমান সংৰক্ষিত অৱস্থাত আছে যদিও উপযুক্ত পৰিচালনাৰ অভাৱ বুলি অভিযোগ উথাপিত হৈছে ।

golaghat