/asomiyapratidin/media/media_files/2024/12/04/Bw5JqGvzoQ5PmrBXWc3V.jpg)
ডিজিটেল ডেস্কঃ ষ্ট’ক মাৰ্কেটে অৰ্থনীতিক বহু প্ৰকাৰে নিয়ন্ত্ৰণ কৰে । চলিত বৰ্ষত আটাইতকৈ বেছি ষ্ট’ক মাৰ্কেটৰ উত্থান পৰিলক্ষিত হৈছিল ৩ ডিচেম্বৰত। এইচ ডি এফ চি বেংক, পাৰচিষ্টেণ্ট চিষ্টেম, ইনফ’ এজ আদিৰ লগতে ২৫১ টাকৈ ষ্ট’কৰ উত্থান পৰিলক্ষিত হয় উক্ত দিনটোত।
ডিক্সন টেকন’লজিছ, অ’বেৰয় ৰিয়েলটি, পিবি ফিনটেক (পলিচিবজাৰ), কেপলিন পইণ্ট লেবৰেটৰীজ, ইক্লাৰ্ক্স চাৰ্ভিচেছ, এফ্লে (ভাৰত), দীপক ফাৰ্টিলাইজাৰ্ছ এণ্ড পেট্ৰ’কেমিকেলছ আৰু কেইনেছ টেকন’লজি ইণ্ডিয়াও বিএছইত ৫২ সপ্তাহত উচ্চতম স্তৰলৈ বৃদ্ধি পোৱা ষ্ট’কসমূহৰ ভিতৰত অন্যতম আছিল ।
মঙলবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত ছেগমেণ্টসমূহৰ চেন্সেক্সৰ শ্বেয়াৰ ৫৯৮ পইণ্ট বা ০.৭৪ শতাংশ বৃদ্ধি পায় । নিফটি-৫০ ১৮১ পইণ্টৰ সৈতে বা ০.৭৫ শতাংশ বৃদ্ধিৰে ২৪,৪৫৭.১৫ পইণ্টত বন্ধ হয়। ষ্ট’ক মাৰ্কেটৰ উত্থানে বিনিয়োগকাৰীক অধিক অৰ্থ উপাৰ্জন কৰাৰ বাট মুকলি কৰি দিয়ে ।এই উত্থানৰ ফলতে এদিনৰ ভিতৰতে বিনিয়োগকাৰীয়ে উপাৰ্জন কৰিলে ৪ লাখ কোটি টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us