Advertisment

কাজলগাঁৱত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন...

গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত নতুনকৈ স্থাপন কৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কাৰ্য্যসূচী উপলক্ষে প্ৰথমে বন্তি প্ৰজ্বলন কৰি উন্মোচন কৰে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই। 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,চিৰাংঃ বিটিচিৰ নগৰ উন্নয়ন বিভাগৰ আৰ্থিক অনুদানত চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডৰ সন্মুখত নতুনকৈ স্থাপন কৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি বুধবাৰে উন্মোচন কৰা হয় । দেশৰ ৭৬ সংখ্যক গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত নতুনকৈ স্থাপন কৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কাৰ্য্যসূচী উপলক্ষে প্ৰথমে বন্তি প্ৰজ্বলন কৰি উন্মোচন কৰে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই। 

Advertisment

আজিৰ এই উন্মোচন কাৰ্য্যসূচীত উপস্থিত থাকে বিটিচিৰ নগৰ উন্নয়ন বিভাগৰ কাৰ্য্যবাহী সদস্য ছাইখং বসুমতাৰী, চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, সজল সিংহ, জিলা আয়ুক্ত যতীন বৰা সহ কেইবাগৰাকী আমন্ত্ৰিত অতিথি । 

মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ উন্মোচন কৰি প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ আগত কয়, ‘’জাতিৰ পিতা মহাত্মা গান্ধীয়ে যি অহিংসাৰ আদৰ্শ স্থাপন কৰি গৈছে এয়া কেৱল ভাৰতবৰ্ষতে সীমাবদ্ধ হৈ থকা নাই সমগ্ৰ বিশ্বই তেখেতৰ অহিংসা নীতিৰ আদৰ্শক শ্ৰদ্ধাৰে সোঁৱৰি অনুসৰণ কৰে । কাৰণ হিংসাই মানৱ সমাজৰ কেতিয়াও সমস্যাৰ সমাধান নকৰে বৰঞ্চ ইয়াক আৰু অধিক ধ্বংসৰ মুখলৈ ঠেলি দিয়ে।‘’

তেওঁ লগতে উল্লেথ কৰে যে, ‘’আমিও দীঘলীয়া সময়ৰ বড়ো সংগ্ৰামৰ সময়ত বহু হিংসাত্মক ঘটনা পৰিঘটনাৰ মাজেদি সময় অতিবাহিত কৰিছো । সেই সময়ছোৱাত মই মহাত্মী গান্ধীৰ অহিংসাৰ নীতিৰ ওপৰত লিখা বহু গ্ৰন্থ অধ্যয়ন কৰিছো। পৰবৰ্তী সময়ত আমি হিংসাৰ নীতিৰ পৰা আঁতৰি আহি বিটিআৰ শান্তিচুক্তিৰ জৰিয়তে এই এলেকাত এটা হিংসা মুক্ত সমাজ আৰু শান্তিৰ পৰিৱেশ ঘুৰাই আনিবলৈ সক্ষম হৈছেো । আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি নিজকে ধন্য মানিছো ।''

প্ৰমোদ বড়ো মহাত্মা গান্ধী