/asomiyapratidin/media/media_files/2025/01/16/pxCEn8EG6NdpQpMwbb5p.jpg)
কাকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ আবক্ষ মূৰ্ত্তি উন্মোচন
ডিজিটেল সংবাদ, লংকা : হোজাই জিলাৰ অন্তৰ্গত কাকীত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত তথা হোজাই জিলা ছাত্ৰ সন্থাৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শিল্পী দিৱস। কাকীবাসী ৰাইজ আৰু কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আয়োজন কৰা শিল্পী দিৱসৰ বৃহস্পতিবাৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
/asomiyapratidin/media/media_files/2025/01/16/5QaVTRWPFuW1vZcC31Ku.jpg)
প্ৰথম দিনাৰ প্ৰথম কাৰ্য্যসূচী মূল তোৰণ উন্মোচন কৰে বিশিষ্ট চিকিৎসক বাসুদেৱ মালাকাৰে। ইয়াৰ পাছতেই মূল মঞ্চ উদ্ধোধন কৰে অতিৰিক্ত আয়ুক্ত ড০ সোনাশ্ৰী ব্ৰহ্মই।
/asomiyapratidin/media/media_files/2025/01/16/NmFeRt6XtZPLWD9SaRLb.jpg)
প্ৰয়াত প্ৰাক্তন সতীৰ্থসকলৰ জিৰণি চ’ৰা উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি দিলীপ বৰাই। ইয়াৰ পাছতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আবক্ষ মূৰ্তি উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই।
ইফালে সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা, জ্যোতি সংগীত প্ৰতিযোগিতা আৰু নিশা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাট ৰূপালীম মঞ্চস্থ কৰা হ'ব বুলি উদ্যোক্তাই জনায়।