/asomiyapratidin/media/media_files/2025/04/25/ImYl6laTogC9WasR2MR4.jpg)
ডিজিটেল সংবাদ, মানকাছাৰ : বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১-০০ বজাত মানকাছাৰত উপস্থিত হৈছে অসম ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ। ৰাজ্যিক মহিলা কংগ্ৰেছৰ নেতৃগৰাকীয়ে মানকাছাৰৰ কামাখ্যা মন্দিৰত দেৱীৰ আশিষ গ্ৰহন কৰি তানজিনা খানৰ হৈ কেবাটাও নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰি কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
লক্ষণীয় যে, দুদিনীয়া ভ্ৰমণসূচী লৈ মানকাচৰত উপস্থিত হোৱা মীৰা বৰঠাকুৰে বৃহস্পতিবাৰে মানকাচৰৰ ১ নং কাকৰিপাৰা জিলা পৰিষদৰ সদস্যা পদৰ প্ৰাৰ্থী তানজিনা খানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ঝাউডাঙাত আয়োজিত এক নিৰ্বাচনী সভাত মহিলা কংগ্ৰেছৰ নেতৃগৰাকীয়ে হাটশিঙিমাৰী মানকাচৰৰ ৰাস্তাৰ দুৰাৱস্থা দেখি মানকাচৰৰ এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলামক তীব্ৰ সমালোচনা কৰে।
/asomiyapratidin/media/media_files/2025/04/25/qkNG2385cUNmUccrnBD9.jpg)
বৰ্তমান এ আই ইউ ডি এফৰ দখলত থকা মানকাচৰ বিধানসভা সমষ্টিত চাৰিখনকৈ জিলা পৰিষদ আছে। তাৎপৰ্যপূৰ্ণভাৱে এ আই ইউ ডি এফৰ পৰা ২ নং কালাপানী আৰু ৪ নং দক্ষিণ শালমাৰা জিলা পৰিষদত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে ১ নং কাকৰিপাৰা আৰু ৩ নং ফেকামাৰী জিলা পৰিষদৰ বাবে কোনো প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই।
বিপৰীতে অগপৰ পৰা ৩ নং কালাপানী আৰু ৪ নং দক্ষিণ শালমাৰা জিলা পৰিষদৰ বাবে কোনো প্ৰাৰ্থিত্ব প্ৰদান কৰা হোৱা নাই। মানকাচৰত কংগ্ৰেছক শূন্য কৰাৰ পৰিকল্পনাৰে এ আই ইউ ডি এফ-অগপৰ মাজত গোপন বুজাবুজি হৈছে নেকি তাক লৈ ব্যাপক চৰ্চা আম্ভ হৈছে । বৃহস্পতিবাৰে তানজিনা খানৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহন কৰা মীৰা বৰঠাকুৰে অগপ-এ আই ইউ ডি এফৰ গোপন বুজাবুজিৰ অভিযোগ আনি বিধায়ক আমিনুল ইছলামক তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰি মানকাচৰৰ ব’ল্ডাৰ, চুপাৰি, গৰু আৰু বিভিন্ন ছিণ্ডিকেটৰ পৰা বিজেপিয়ে ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ তোলে।
/asomiyapratidin/media/media_files/2025/04/25/0f4TQBla926w4NHwHLQg.jpg)
লক্ষণীয় যে, কাশ্মীৰৰ পেহেলগামৰ ঘটনাক তীব্ৰ নিন্দা আৰু গৰিহনা প্ৰকাশ কৰি সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰৰ সমৰ্থনত আছে বুলি নিৰ্বাচনী সভাৰ আৰম্ভণীতে মীৰা বৰঠাকুৰ মত প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us