Advertisment

দিল্লীৰ ৰঙাচকুত ৰাজ্যৰ অবৈধ কয়লা খনন ৭দিনৰ ভিতৰত বন্ধৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ

অৱশেষত দিল্লীৰ ৰঙাচকুত ৰাজ্যত চলি থকা অবৈধ ৰেট হোল মাইনিং বন্ধ কৰিবলৈ বাধ্য হ’ল ৰাজ্য চৰকাৰ। উমৰাংছুৰ দুৰ্ভাগ্যজনক ঘটনাৰ পাছৰে পৰাই ৰাজ্যত মুকলিকৈ চলি থকা এই অবৈধ কয়লাৰ ৰেট হোল মাইনিঙকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

author-image
Asomiya Pratidin
New Update
অবৈধ কয়লা খনন ৭দিনৰ ভিতৰত বন্ধৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ

অবৈধ কয়লা খনন ৭দিনৰ ভিতৰত বন্ধৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ

ডিজিটেল ডেস্ক : অৱশেষত দিল্লীৰ ৰঙাচকুত ৰাজ্যত চলি থকা অবৈধ ৰেট হোল মাইনিং বন্ধ কৰিবলৈ বাধ্য হ’ল ৰাজ্য চৰকাৰ। উমৰাংছুৰ দুৰ্ভাগ্যজনক ঘটনাৰ পাছৰে পৰাই ৰাজ্যত মুকলিকৈ চলি থকা এই অবৈধ কয়লাৰ ৰেট হোল মাইনিঙকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Advertisment

লিডু, মাৰ্ঘেৰিটা, লেখাপানী, উমৰাংছুকে ধৰি প্ৰায় শতাধিক ৰেট হোল মাইনিং চলি থকাৰ পাছতো ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। উচ্চতম ন্যায়ালয়ৰ লগতে সেউজ প্ৰাধিকৰণৰ কঠোৰ নিষেধাজ্ঞাক অৱজ্ঞা কৰি এচাম ক্ষমতাশালী লোকৰ পৃষ্ঠপোষকতাত অবৈধ কয়লা খনন আৰু পৰিবহণৰ ছিণ্টিকেট চলি আছিল অসমত।

উমৰাংছুত এনে এটা অবৈধ ৰেট হোল মাইনিঙত আৱদ্ধ হৈ ৯জন শ্ৰমিকৰ মৃত্যু হোৱাৰ পাছত এই বিষয়টোকলৈ অধিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজ্যজুৰি। সেই স্থানত আৱদ্ধ হৈ পৰা আটাইকেইজন শ্ৰমিকৰ মৃতদেহপৰ্যন্ত উদ্ধাৰ কৰিবৈল সক্ষম নোহোৱা ৰাজ্য চৰকাৰে মানি ল’ব লগা হৈছিল যে ৰাজ্যত কয়লাৰ অবৈধ খনন চলি আছে।

উমৰাংছুৰ ঘটনাৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। তাৰ পাছতে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দেওবাৰে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে অহা ৭দিনৰ ভিতৰত ৰাজ্যত চলা সকলো অবৈধ কয়লা খনন বন্ধ কৰিব আৰক্ষী- প্ৰশাসনে। ইয়াৰ পূৰ্বেও ৰেট হোল মাইনিং বন্ধ কৰিবলৈ বিভিন্ন দল- সংগঠন সৰৱ হৈছিল যদিও ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাছিল।

coal mining উমৰাংছু