৮ হাজাৰ শিক্ষকৰ পদ বিলুপ্তিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ...

author-image
Asomiya Pratidin
New Update
৮ হাজাৰ শিক্ষকৰ পদ বিলুপ্তিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ...

ডিজিটেল ডেস্ক : মঙলবাৰে ৰাজ্য চৰকাৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত ৮ হাজাৰ শিক্ষকৰ পদ বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰে । সোমবাৰে শিক্ষা বিভাগে ৰাজ্যৰ একাউন্টেট জেনেৰেললৈ প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰে এই সিদ্ধান্ত ।

Advertisment

ৰাজ্যৰ শিক্ষা বিভাগৰ সচিব বিজয়া চৌধুৰীয়ে একাউন্টেট জেনেৰেললৈ লিখা পত্ৰ খনিত উল্লেখ কৰা অনুসৰি, চৰকাৰৰ সিদ্ধান্ত মৰ্মে ৰাজ্যত খালী হৈ থকা ৮ হাজাৰ শিক্ষকৰ পদ বিলুপ্ত কৰা হ'ব । এই ৮ হাজাৰ পদৰ ৪২৬৫ টা পদ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ আৰু ৩৭১৫ টা পদ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ।

উল্লেখ্য যে, এই ৮ হাজাৰ পদ ৰাজ্যৰ শিক্ষা বিভাগৰ নিযুক্তি প্ৰাপ্ত সকলৰ বাবে অৰ্থনৈতিক সমতা স্থাপনৰ বাবে ২০২০ বৰ্ষৰ মে' মাহৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি খালী ৰখা হৈছিল ।

আনহাতে, চলিত বৰ্ষৰ জুলাই মাহত ৰা‍জ্যখনত শিক্ষকৰ অভাৱ পূৰণ কৰিবলৈ অতিথি শিক্ষক নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

ranoj pegu education department of assam assam