ৰাজ্য চৰকাৰৰ জাননী, নিৰ্দেশনা আদি প্ৰকাশ পাব অসমীয়া ভাষাত : অসম সাহিত্য সভাৰ আদৰণি

সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এক বিবৃতিযোগে অসমৰ চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

author-image
Asomiya Pratidin
New Update
অসম সাহিত্য সভা

অসম সাহিত্য সভা

ডিজিটেল ডেস্ক : অসমীয়া ভাষাক লৈ ৰাজ্য চৰকাৰে অতি শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম সাহিত্য সভাই। উল্লেখযোগ্য যে দেওবাৰে এক বৈঠকযোগে ৰাজ্য চৰকাৰে অহা ১৪ এপ্ৰিল ২০২৫ৰ পৰা অসম চৰকাৰৰ জাননী, নিৰ্দেশনা আদি ইংৰাজী ভাষাৰ লগতে অসমীয়া ভাষাতো প্ৰকাশ কৰিব বুলি এক সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই কথা আজিৰ কেবিনেট বৈঠকতো উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

ৰাজ্য চৰকাৰৰৰ এই ঘোষণা ৰাজহুৱা হোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাই। সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এক বিবৃতিযোগে অসমৰ চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

অসম সাহিত্য সভাই প্ৰকাশ কৰা বিবৃতিটো তলত উল্লেখ কৰা হ’ল- 

অসমৰ মুখ্যমন্ত্রীয়ে অহা ১৪ এপ্রিল (২০২৫) তাৰিখৰ পৰা অসম চৰকাৰৰ সকলো আইন, নির্দেশনা, অধিসূচনা অসমীয়া ভাষাত প্রকাশ কৰিব বুলি কৰা ঘোষণাক আমি আদৰণি জনাইছোঁ। প্রসংগক্রমে উল্লেখযোগ্য যে ভাৰতীয় সংবিধানৰ ২১৩ অনুচ্ছেদ অনুযায়ী ৰাজ্যিক চৰকাৰৰ সচিবালয়ৰ সকলো কাম-কাজ, বিধানসভাৰ দ্বাৰা ঘোষিত আইন, বিধানসভাত উত্থাপন কৰিবলগীয়া সকলো বিধেয়ক বা ইয়াৰ ওপৰত আনিবলগীয়া সকলো সংশোধনী, ভাৰতীয় সংবিধান অনুযায়ী ৰাজ্য চৰকাৰে জাৰি কৰা সকলো আদেশ, বিনিময়, নিয়মাবলী, উপবিধি বা সংসদ বা বাজ্যিক বিধানসভাৰ দ্বাৰা প্রণিত আইন প্রশাসনীয় ভাষাত প্রণিত হ'ব লাগে।

আমি চৰকাৰক অনুৰোধ জনাওঁ-
১। অসমীয়া ভাষা লৈ মেট্রিক বা সমপৰ্যায়ৰ পৰীক্ষা পাছ নকৰা লোকক অসমত অসম চৰকাৰৰ অধীনত চাকৰি দিব নালাগে।
২। অসমীয়া ভাষাৰে কার্যালয়ত কাম-কাজ হৈছে নে নাই চাবৰ কাৰণে ভাষা বিভাগৰ সঞ্চালকে অতর্কিতে কাম-কাজ পৰিদৰ্শন কৰিব লাগে, অসম চৰকাৰৰ অন্যান্য কাৰ্যালয়সমূহত উপ সঞ্চালকে পৰিদর্শন কৰাৰ ব্যৱস্থা হ'ব লাগে।
৩। যিসকল বিষয়া বা কর্মচাৰীয়ে প্রশাসনীয় ভাষাত কাম-কাজ নকৰে তেনে কৰ্মচাৰীক তিনিবাৰ লিখিতভাৱে সর্তক কৰি দিব লাগে আৰু তৃতীয় সতর্ক বাণী কর্মচাৰীজনৰ চৰিত্র পঞ্জিত সন্নিবিষ্ট কৰিব লাগে।
৪। যিসকলে অসমীয়া ভাষাত চৰকাৰী কাম-কাজ কৰাত ব্যর্থ হ'ব বা নির্দেশ অমান্য কৰিব তেনেলোকক চৰকাৰৰ শাস্তি আৰু আপিল (লোকসেৱা) মতে শাস্তি বিধান কৰিব লাগে।
৫। প্রশাসনীয়া ভাষা আইনৰ তৃতীয়চ্ছেদ যথার্থ কার্যকৰীকৰণ নিশ্চিত কৰিবৰ বাবে বিভাগবোৰৰ পৰা প্রতিবেদন বিচাৰিব লাগে। 
৬। তিনিতৰপীয়াকৈ প্রশাসনীয় ভাষা প্রয়োগ কোষ গঠন কৰিব লাগে। কেন্দ্র, জিলা আৰু মহকুমা পর্যায়ত এই কোষসমূহক প্রশাসনীয় ভাষা প্রয়োগ নিশ্চিত কৰাৰ দায়িত্ব দিব লাগে।
৭। ব্যাপক প্রচাৰৰ ব্যৱস্থা হ'ব লাগে।
৮। প্রাথমিক স্তৰৰ পৰা স্প'কেন ইংৰাজী পাঠ্যক্রম প্রচলন কৰিব লাগে। এই ব্যৱস্থাই অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ হীনমন্যতা দূৰ কৰিব।

চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ লগত এই কেইটা পৰামর্শ মানি লৈ অসমৰ ঐক্য, সংহতি আৰু সমন্বয়ৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈও অনুবোধ জনোৱা হ'ল। আমি আশা কৰোঁ- চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে এই কার্য সম্পন্ন কৰিব।

অসম চৰকাৰক আমি এইটোও অনুৰোধ জনাও যাতে ৩/৪/১৯৭৯ তাৰিখৰ এ. বি. পি. ১৩৩/৭৬/২০২৫ নম্বৰ অধীসূচনাযোগে প্রশাসনীয় ভাষা প্রয়োগ সঞ্চালকালয় গঠন কৰা হৈছিল। সম্প্রতি চৰকাৰক পুনৰ সঞ্চালকৰ কাৰ্যালয়ক প্রশাসনীয় ভাষা প্রয়োগৰ দায়িত্ব দিয়ে যেন।

অসম সাহিত্য সভা