ৰাজ্য চৰকাৰৰ অধিসূচনা : চলিত বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত কাৰ্যকৰী হ’ব প্ৰস্তাৱিত ১০ সমজিলাৰ কাম- কাজ

অসম চৰকাৰে শেহতীয়াকৈ জাৰি কৰিছে এক অধিসূচনা। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ৰাজহুৱা কৰা ৩৭৫০৩৭/৪৯৬(ক) নং অধিসূচনা অনুসৰি চলিত বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত কাৰ্যক্ষম কৰিব প্ৰস্তাৱিত ১০খন সমজিলাৰ কাম- কাজ

author-image
Asomiya Pratidin
New Update
সমজিলা

ডিজিটেল ডেস্ক : অসম চৰকাৰে শেহতীয়াকৈ জাৰি কৰিছে এক অধিসূচনা। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ৰাজহুৱা কৰা ৩৭৫০৩৭/৪৯৬(ক) নং অধিসূচনা অনুসৰি চলিত বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত কাৰ্যক্ষম কৰিব প্ৰস্তাৱিত ১০খন সমজিলাৰ কাম- কাজ। উল্লেখযোগ্য যে, এতিয়ালৈকে কাৰ্যক্ষম হৈ থকা সমজিলাৰ সংখ্যা হৈছে- ৩৯ খন।

Advertisment

অহা ১৫ আগষ্টৰ ভিতৰত কাৰ্যক্ষম কৰিব লগা প্ৰস্তাৱিত সমজিলা কেইখন হৈছে- বকো-ছয়গাঁও সমজিলাৰ প্রস্তাৱিত সদৰ কাৰ্যালয় বকো। একেদৰে পলাশবাৰী সমজিলাৰ প্রস্তাৱিত সদৰ কাৰ্যালয় হৈছে মিৰ্জা। ৰঙাপাৰা সমজিলাৰ প্রস্তাৱিত সদৰ কাৰ্যালয় হৈছে ৰঙাপাৰা।

সমজিলা
সমজিলা

 

অধিসূচনাত উল্লেখ কৰা অনুসৰি আনকেইখন সমজিলা হৈছে- বৰচলা সমজিলাৰ প্রস্তাৱিত সদৰ কাৰ্যালয় হৈছে ঠেলামৰা। মৰিয়নি সমজিলাৰ প্রস্তাৱিত সদৰ কাৰ্যালয় হৈছে শুকানজনিয়া। টীয়ক সমজিলাৰ প্রস্তাৱিত অস্থায়ী সদৰ কাৰ্যালয় হৈছে কেন্দুগুৰি।

আনহাতে টীয়ক সমজিলাৰ প্রস্তাৱিত স্থায়ী সদৰ কাৰ্যালয় হৈছে সৰ্বাইবন্ধা গাঁও। মাকুম সমজিলাৰ প্রস্তাৱিত সদৰ কাৰ্যালয় হৈছে মাকুম। ডিগবৈ সমজিলাৰ প্রস্তাৱিত সদৰ কাৰ্যালয় হৈছে পাণবাৰী ৰোড। ধলাই সমজিলাৰ প্রস্তাৱিত সদৰ কাৰ্যালয় হৈছে ধলাই বজাৰ আৰু দুধনৈ সমজিলাৰ প্রস্তাৱিত সদৰ কাৰ্যালয় হৈছে দুধনৈ।

সমজিলা