গৌৰৱ গগৈৰ পত্নী আই এছ আই এজেন্টঃ কেন্দ্ৰৰ হস্তক্ষেপৰ দাবী ৰাজ্যিক বিজেপিৰ

গৌৰৱ গগৈয়ে আই.এছ আইৰ সৈতে সম্পৰ্কৰ আভিযোগ, ব্রেইনৱাছ কৰি যুৱক-যুৱতীক মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ পাকিস্তান দূতাবাসলৈ লৈ যোৱা তথা ১২ বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল'বলৈ অস্বীকাৰ কৰাৰ সন্দর্ভত উঠা প্রশ্নসমূহৰ উত্তৰ দিব লাগিব।

author-image
Asomiya Pratidin
New Update
vbvbvb

ডিজিটেল সংবাদ,গুৱাহাটীঃ  "পাকিস্তানৰ লগত সম্পর্ক থকা নাইবা ভাৰত বিৰোধী কথা কোৱাটো কংগ্রেছৰ এটা স্বাভাবিক চৰিত্র। কংগ্ৰেছ দলৰ নেতা সকলে ইয়াৰ পূর্বেও দেশ বিদেশ ভ্রমণলৈ যাওতে সদায় ভাৰত বিৰোধী বক্তব্য আগবঢ়ায়। ৰাহুল গান্ধী, ছোনিয়া গান্ধী, মনিশঙ্কৰ আয়াৰ, জয়ৰাম ৰমেশ, চেম পিত্রদাকে ধৰি কংগ্ৰেছৰ নেতাসকলে সদায় বিদেশীৰ মাটিত ভাৰত বিৰোধী বক্তব্য আবঢ়োৱা আমি দেখিবলৈ পায় আহিছো। আনকি কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গে বহু বাৰ ৰাজ্যসভাত ঠিয় হৈ সংবিধান বিৰোধী মন্তব্য দিয়াও দেশাবাসীয়ে প্রত্যেক্ষ কৰিছে। তেনে এটা ৰাজনৈতিক দলৰ লোকসভাৰ উপ-দলপতিয়ে ভাৰত বিৰোধী শক্তি সমূহৰ সৈতে হাত মিলোৱা নাইবা তেনে শক্তিৰ সৈতে গোপন সম্পর্ক ৰক্ষা কৰাৰ অভিযোগ থকাটো কোনো ধৰণৰ নতুন কথা নহয়।" এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি সাংসদ দিলীপ শইকীয়াৰ।

Advertisment

উল্লেখযোগ্য যে কংগ্ৰেছ দলৰ লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈৰ পত্নী পাকিস্তানী চোৰাংচোৱা সংস্থা আৰু অনান্য ভাৰত বিৰোধী শক্তি সমূহৰ সৈতে সম্পর্ক থকাৰ অভিযোগ উত্থাপিত হৈছে। সংবাদ মাধ্যমে এনে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিচত নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি ৰাজ্যিক বিজেপিৰ সভাপতিয়ে এনেদৰে মতপোষণ কৰে।

ভাৰত আৰু ভাৰতীয়ত্বৰ বিৰুদ্ধাচৰণ কৰা কংগ্ৰেছী ধাৰাবাহিকতাকে ৰক্ষা কৰি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীয়ে বিদেশী শক্তিৰ সৈতে গোপন অভিসন্ধিত লিপ্ত হৈছে। এই গোপন অভিসন্ধিৰ প্রকৃত তথ্য গভীৰ আৰু ফলপ্রসু অনুসন্ধাৰ জৰিয়তে পোহৰলৈ আনি ৰাষ্ট্ৰ বিৰোধী শক্তিৰ সৈতে গোপনে হাত মিলোৱা ৰাজনৈতিক নেতা আৰু তেওঁলোকৰ পৰিয়ালৰ মুখাখন ৰাজহুৱা কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লব বুলি ৰাজ্যিক বিজেপিৰ সভাপতিয়ে আশা ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে অসম তথা ভাৰতবাসীক কেইবাটাও গুৰুতৰ প্রশ্নৰ ৰাজহুৱা উত্তৰ দিয়াৰ প্রয়োজন আছে। নৈতিক দায়িত্ব স্বীকাৰ কৰি লোকসভাৰ বিৰোধী দলৰ উপ-দলপতিয়ে ৰাজহুৱাকৈ উত্তৰ দিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতিয়ে আহ্বান জনায়। ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জৰিত কিন্তু গৌৰৱ গগৈয়ে নিৰৱতা অবলম্বন কৰা বিষয়সমূহ হ'ল- বিবাহৰ ১২ বছৰৰ পাছতো গৌৰৱ গগৈয়ে নিজৰ পত্নীক কিয় ভাৰতীয় নাগৰিকত্ব প্রদান নকৰিলে সেয়া এটা ৰহস্যজনক কথা।

সেই প্রশ্নৰ উত্তৰ গৌৰৱ গগৈয়ে দেশবাসীক নিশ্চয় দিব লাগিব। এই ১২ বছৰলৈকে ভাৰতীয় নাগৰিকত্ব গ্রহণ নকৰাৰ আঁৰৰ যি গোপন অভিসন্ধি সেই কথা ৰাজহুৱা হোৱাৰ প্রয়োজন আছে। নিশ্চয় কেন্দ্রীয় চৰকাৰে এই বিষয়ত উপযুক্তৰ সঠিক তদন্ত কৰি সময়ত সমগ্র দেশবাসীক অৱগত কৰিব বুলি দিলীপ শইকীয়াই মত পোষণ কৰে।ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক প্লেছ বিবৃতিত সেই কথা উল্লেখ কৰা হৈছে। 

উল্লেখযোগ্য যে, ২০১৫ চনত সাংসদ গৌৰৱ গগৈয়ে পাকিস্তান উচ্চ আয়ুক্তৰ দিল্লীস্থ কাৰ্য্যালয়লৈ গৈছিল লগত নিছিল এজাক ল'ৰা ছোৱালী। সেই ল'ৰা ছোৱালীক লগত লৈ গৌৰৱ গগৈয়ে পাকিস্তান উচ্চ আয়ুক্তৰ সৈতে কি আলোচনা কৰিছিল সেয়া কোনেও নাজানে। ৰাষ্ট্রীয় নিৰাপত্তাৰ ক্ষেত্রত এনেবোৰ বিষয় যথেষ্ট গুৰুত্বপূর্ণ বুলি ৰাজ্যিক বিজেপিৰ সভাপতি জনে কয়।

নিয়ম মতে বৈদেশীক দ্রুতবাসলৈ যোৱাৰ পূৰ্বে ভাৰত চৰকাৰৰ বিদেশমন্ত্রালয়ক সমগ্র বিষয়টো অৱগত কৰিব লাগে। লগতে দ্রুতবাসত কি আলোচনা কৰিলে তাৰ বিষয়ে পুংখানুপুংখ বিদেশমন্ত্রণালয়ক লিখিতভাবে অবগত কৰিব লাগে। প্রকাশিত তথ্য মতে গৌৰৱ গগৈয়ে তেনে ধৰণৰ কোনো অনুমতি লোৱা নাছিল। সেই সমগ্র বিষটো উচ্চ পৰ্যায়ৰ তদন্তৰ প্রয়োজন আছে বুলি ৰাজ্যিক সভাপতি গৰাকীয়ে কয়।

এগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে বিশেষকৈ প্রধান বিৰোধী দলৰ লোকসভাৰ উপ-দলপতিৰ দৰে গুৰু দায়িত্ব পালন কৰি থকা এজন ব্যক্তিৰ পৰা এনে ধৰণৰ অসাংবিধানীক আচৰণ কেতিয়াও কাম্য নহয় বুলি ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে নিজৰ মত পোষণ কৰিছে।

সেয়েহে গৌৰৱ গগৈয়ে কিছুমান গুৰুতৰ প্ৰশ্নৰ উত্তৰ দিবই লাগিব। আই.এছ আইৰ সৈতে সম্পৰ্কৰ আভিযোগ, ব্রেইনৱাছ কৰি যুৱক-যুৱতীক মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ পাকিস্তান দূতাবাসলৈ লৈ যোৱা তথা ১২ বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল'বলৈ অস্বীকাৰ কৰাৰ সন্দর্ভত উঠা প্রশ্নসমূহৰ উত্তৰ দিব লাগিব। তদুপৰি ৰাষ্ট্ৰীয় নিৰাপত্তা অস্থিৰ কৰাৰ বাবে ধর্মান্তকৰণ জোটত অংশ গ্রহণ আৰু জর্জ ছৰছকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি লাভ কৰা আদি হৈছে গুৰুতৰ উদ্বেগপূর্ণ বিষয়, যাক কেতিয়াও এৰি দিব নোৱাৰি।

কিছু ক্ষেত্ৰত দায়বদ্ধতাৰ প্রয়োজন হয়। কেৱল দায়িত্বচ্যুত কৰি বা বেলেগ দিশলৈ মনোযোগ স্থানাত্র কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টাৰে মূল বিষয়ৰ পৰা হাত সাৰিব নোৱাৰিব। আজি দেশে লুকঢাক নোহোৱাকৈ প্রকৃত সত্যক জানিব বিচাৰে। সোনকালে হওঁক বা পলমকৈ হওঁক-জর্জ ছৰছৰ পৰিস্থিতিতন্ত্ৰৰ নেতৃত্বত কেনেদৰে বৈদেশিক শক্তিয়ে ২০১৪ চনত অসম কংগ্ৰেছৰ এটা গুৰুত্বপূর্ণ সিদ্ধান্তক প্রভাবিত কৰিছিল, সেই কথা জানিবলৈ পোৱা যাব।

আশা ৰাখিছো যথা সময়ত সত্য নিশ্চিতভাবে পোহৰলৈ আহিব। সেই কাৰণে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ পৰা অসম তথা ভাৰতবৰ্ষৰ জনসাধাৰণে কিছু প্রশ্নৰ স্পষ্ট উত্তৰ বিচাৰিছে। আমি আশা ৰাখিছো গৌৰৱ গগৈয়ে এই প্রশ্ন সমূহৰ উত্তৰ দিব। এই বুলি আজি ৰাজ্যিক বিজেপিৰ সভাপতিয়ে এক প্রেছ বিবৃতিৰ জৰিয়তে আশা ব্যক্ত কৰিছে।

গৌৰৱ গগৈ