/asomiyapratidin/media/media_files/2025/02/16/gBmCWXEhJKl6DBWLs2Cd.webp)
ডিজিটেল সংবাদ,গুৱাহাটী: "যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ ব্যক্তিগত সন্মানতকৈ দেশৰ সুৰক্ষা আৰু স্বাভিমানৰ বিষয়টো বেছি গুৰুত্বপূর্ণ। ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা সাংসদ গৰাকীৰ সন্মান পৰিকল্পিতভাবে হানি কৰা হৈছে বুলি গৌৰৱ গগৈয়ে মত পোষণ কৰিছে। কিন্তু বিজেপিৰ প্ৰতিগৰাকী সদস্যৰ বাবে ব্যক্তি এজনৰ ব্যক্তিগত সন্মানতকৈ দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ সুৰক্ষা বেছি গুৰুত্বপূর্ণ বিষয়।
ভাৰতৰ বৈদেশিক মন্ত্রণালয়ৰ আচৰণ বিধি উলংঘা কৰি দিল্লীস্থ পাক দূতবাসৰ সৈতে গোপন সম্পর্ক ৰক্ষা কৰা আৰু দেশৰ সুৰক্ষা বাহিনীৰ বিৰুদ্ধে উচতনিমূলক বক্তব্য দি গৌৰৱ গগৈয়ে দেশৰ সামগ্রিক সুৰক্ষা ব্যৱস্থাক অস্থিৰ কৰাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে"- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।
দলৰ মূখ্য কাৰ্য্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদ মাধ্যমৰ সন্মুখত নিজৰ প্ৰতিক্রিয়া প্রকাশ কৰি শ্ৰী শৰ্মাই এনেদৰে মতপোষণ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈক কেইবাটাও প্ৰশ্নৰ উত্তৰ দিবলৈ ৰাজহুৱাভাৱে আহ্বান জনাইছিল। কিন্তু মুখ্যমন্ত্রীয়ে উত্থাপন কৰা প্রশ্ন সমূহৰ পোনপটীয়া উত্তৰ দিয়াৰ বিপৰীতে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ একাংশ পালিনেতাই বিষয়টোৰ সৈতে সম্পর্ক নথকা বক্তব্য আগবঢ়োৱা হে দেখা গৈছে।
এনে ধৰণৰ সংগতিহীন আৰু চালে-বেৰে কোবোৱা কথা কৈ গৌৰৱ গগৈয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত প্ৰতিটো অভিযোগৰ সত্যতাকে প্ৰমাণ কৰিছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র জনে কয়। উল্লেখযোগ্য যে পাকিস্তানী মূলৰ সংগঠন আৰু দিল্লীস্থ পাক দূতবাসৰ সৈতে থকা সম্পর্কব কথা উল্লেখ কৰি উত্থাপিত হোৱা অভিযোগ সমূহ খণ্ডন কৰিব পৰা নাই সাংসদ গৰাকীয়ে।
বৰঞ্চ চলে বেৰে কোবোৱা কথাৰে গৌৰৱ গগৈয়ে নিজে এই অভিযোগ সমূহ মানি লোৱা পৰিলক্ষিত হৈছে বুলি ৰাজ্যিক বিজেপি মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই মত পোষণ কৰে। উল্লেখযোগ্য যে প্রদেশ কংগ্ৰেছৰ সভাপতিকে ধৰি অধিকাংশ নেতাই গৌৰৱ গগৈৰ পাক সম্পর্কক লৈ গভীৰ প্রতিক্রিয়া দিয়া সমাজে প্রত্যক্ষ কৰা নাই। ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ মতে বিষয়টো গভীৰ ভাবে চিন্তা চৰ্চা কৰাৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ নেতা সকলে গৌৰৱ গগৈ বিপদত পৰা দেখি আমেজ লোৱাহে দেখা গৈছে।