প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী ড০ জয়শ্ৰী মহন্তকো সম্ভাষণ জ্ঞাপন কৰি ধন্য হোৱা বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

ডিজিটেল ডেস্ক : দেওবাৰে নিশা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষৎ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দিশপুৰস্থিত বাসভৱনত উপস্থিত হৈ বিজেপি সাংসদগৰাকীয়ে সৌজন্যমূলক সাক্ষাৎ গ্ৰহণ কৰে।

Advertisment
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

 

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ফুলাম গামোচাৰে সম্ভাষণ জ্ঞাপন কৰি কেতবোৰ বিষয় সম্পৰ্কত আলোচনা কৰে। লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পৰা অনাগত দিনৰ বাবে আশীৰ্বাদ লোৱাৰ কথাও জানিবলৈ দিয়ে। 

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

 

তেওঁৰ এই সাক্ষাৎকালত প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ সৈতে অসমৰ গুৰুত্বপূৰ্ণ উন্নয়নৰ ওপৰত এক অৰ্থপূৰ্ণ আলোচনা কৰাৰ কথাও উল্লেখ কৰে। লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সুস্থিৰ বুলি দিলীপ শইকীয়াই সামাজিক মাধ্যমত উল্লেখ কৰে। উল্লেখযোগ্য যে এই সাক্ষাতকালতে প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী ড০ জয়শ্ৰী মহন্তকো সম্ভাষণ জ্ঞাপন কৰি ধন্য হোৱা বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই ।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

 

agp dilip saikia BJP ASSAM
News Hub