/asomiyapratidin/media/media_files/2025/03/03/gAkfMvCBYRrJ8rto9z7e.jpg)
দিল্লী দোৱনীয়া প্ৰাথমিক বিদ্যালয়ত ভাৰতীয় ষ্টেট বেংকৰ ‘সামজিক দায়বদ্ধতা’ কাৰ্য্যসূচী
ডিজিটেল সংবাদ, নামৰূপ : ভাৰতীয় ষ্টেট বেংকৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত নামৰূপ শাখাই সোমবাৰে নামৰূপ দিল্লী দোৱনিয়া প্ৰাথমিক বিদ্যালয়ত উন্নয়নমূলক কাৰ্য্যসূচী ৰূপায়ণ কৰে। নামৰূপ এছ বি আই শাখাই বেংকৰ সমুখতে থকা দিল্লী দোৱনীয়া প্ৰাথমিক বিদ্যালয়ত ৫লাখ টকাৰ অনুদান প্ৰদান কৰে।
/asomiyapratidin/media/media_files/2025/03/03/qkysAZQfGpTW8RW9aq2i.jpg)
উক্ত ধন ৰাশিৰে বিদ্যালয়ত সম্পূৰ্ণ পানী সংযোগ মেৰামতি, তিনিটা হাত ধোৱা বেচিন, টিন পাত ৰং কৰা, গেট ৰং কৰা, শ্ৰেণীকোঠাৰ পকীবেৰ ৰং কৰা, ১৬/৩০ফুট দৈৰ্ঘ্যৰ আধুনিক চাইকেল ষ্টেণ্ড, অফিচ, ক্লাছ ৰুম আৰু পাকঘৰত ব্যৱহৃত সঁজুলি আদি ক্ৰয় কৰে। একেদৰে দুখন সচিব টেবুল আৰু দুখন চকী, এটা ডাঙৰ গেছ ষ্টোভ , তিনিটা কিতাপ থোৱা আলমীৰা, এটা ষ্টীল অলমিৰা, এটা একুৱা গাৰ্ড, ৫খন চিলিং প্ৰদান কৰে।
/asomiyapratidin/media/media_files/2025/03/03/MjqROLEe3czDUW4t4CVB.jpg)
ইয়াৰ উপৰি মুখ্য প্ৰবেশদ্বাৰ পকীকৰণ বিদ্যালয়ৰ শৌচাগাৰ মেৰামতিৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁঠনি সম্পৰ্কীয় বিভিন্ন কাম কৰা হয়। আজি বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত সভাত বেংক কৰ্তৃপক্ষই ফিটা কাটি আনুষ্ঠানিকভাৱে বিদ্যালয় পৰিচালনা সমিতি আৰু প্ৰধানশিক্ষকক সামগ্ৰীসমূহ হস্তান্তৰ কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় ষ্টেট বেংক ডিব্ৰুগড় নেটৱৰ্ক ১ উত্তৰ পূব মণ্ডলৰ মহাপ্ৰৱন্ধক আমৰিশ কুমাৰ ঝা, প্ৰশাসনিক কাৰ্য্যালয়ৰ উপ মহাপ্ৰৱন্ধক অমিত কুমাৰ, আঞ্চলিক প্ৰৱন্ধক প্ৰশান্ত কুমাৰ শৰ্মা, নামৰূপ শাখাৰ মহাপ্ৰৱন্ধক প্ৰাণজিত পাল, বিদ্যালয়ৰ প্ৰধানশিক্ষয়িত্ৰী নয়ন মনি গগৈ আৰু পৰিচালনা সমিতিৰ সভাপতি আব্দুল কৰিম শেখ।