ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰৰ ষ্টাৰ্টআপ ইণ্ডিয়াৰ পদক্ষেপৰ অধীনত স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপসমূহে ৫৫টাকৈ উদ্যোগত ১৬.৬ লাখৰো অধিক প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি কৰিছে। এই তথ্য প্ৰকাশ কৰিছে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ বিভাগে ।
এই ষ্টাৰ্টআপসমূহে ভাৰতৰ কৰ্মশক্তিক শক্তিশালী কৰাৰ লগতে উদ্ভাৱন আৰু অৰ্থনৈতিক বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। চলিত বৰ্ষৰ ৩১ অক্টোবৰলৈ ষ্টাৰ্ট আপ উদ্যোগৰ দ্বাৰা চাকৰি সৃষ্টি হোৱা বিভিন্ন ক্ষেত্ৰ সমূহ হ’ল -
১/ আই টি সেৱাঃ ২,০৪,১১৯ টা চাকৰি
২/ স্বাস্থ্যসেৱা আৰু জীৱন বিজ্ঞান: ১,৪৭,৬৩৯ টা চাকৰি
৩/ নিৰ্মাণ: ৮৮,৭০২ টা চাকৰি
৪/ শিক্ষাঃ ৯০,৪১৪ টা চাকৰি
৫/ খাদ্য আৰু পানীয়: ৮৮,৪৬৮ টা চাকৰি
৬) বিত্ত প্ৰযুক্তিঃ ৫৬,৮১৯ টা চাকৰি
ভাৰতে জি-২০ৰ সভাপতিত্বত ষ্টাৰ্টআপ২০ এংগেজমেণ্ট গ্ৰুপৰ দৰে পদক্ষেপৰ জৰিয়তেও বিশ্বব্যাপী ষ্টাৰ্টআপ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই গোটে সীমা অতিক্ৰম কৰি অইন দেশৰ লগত অংশীদাৰিত্ব বৃদ্ধি কৰিছে । লগতে ভাৰতীয় ষ্টাৰ্টআপসমূহক বিশ্বৰ বজাৰ আৰু সম্পদসমূহৰ ব্যৱহাৰৰ সুযোগ দিয়ে ।
ইয়াৰ পৰিসৰ বৃদ্ধিৰ বাবে চৰকাৰে উত্তৰ-পূবত ষ্টাৰ্টআপ মহাকুম্ভ আৰু এ এছ চি এন ডি কৰ্মশালাৰ দৰে সামৰ্থ্য-নিৰ্মাণ কৰ্মশালা আৰু পৰিৱেশ তন্ত্ৰ উন্নয়নৰ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানসমূহে তৃণমূল পৰ্যায়ৰ উদ্ভাৱনক উৎসাহিত কৰে আৰু সমগ্ৰ ভাৰতৰ উদ্যোগীসকলক পুঁজি, মেণ্টৰশ্বিপ, আৰু ব্যৱসায়িক সংযোগ প্ৰদান কৰে।