/asomiyapratidin/media/media_files/2024/12/11/YRXgZtyXvb3l7ZEFrIxH.jpg)
ডিজিটেল ডেস্কঃ দেশৰ কৃষিখণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিগত বছৰকেইটাত বহুকেইটা কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে। কৃষি খণ্ডৰ প্ৰতি আগ্ৰহ বঢ়োৱাৰ উদ্দেশ্যৰে বহু উদ্যমীক কৃষি বিভাগে প্ৰদান কৰিছে অৰ্থ সাহায্য। যোৱা ৫বছৰত উদ্ভাৱন আৰু কৃষি উদ্যোগীকৰণ উন্নয়ন কাৰ্যসূচীৰ অধীনত কৃষি ষ্টাৰ্টআপক ১২২.৫০ কোটি টকা মুকলি কৰি দিছে কেন্দ্ৰীয় চৰকাৰে।
ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (আৰ কে ভি ৱাই)ৰ অধীনত ২০১৮-১৯ চনত ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ লক্ষ্য হৈছে কৃষিখণ্ডৰ উদ্যমীসকলক আৰ্থিক আৰু কাৰিকৰী সহায় কৰি আগবঢ়াই উদ্ভাৱন আৰু কৃষি উদ্যোগীকৰণক প্ৰসাৰিত কৰা।
শেহতীয়াকৈ কৃষি ৰাজ্যিক মন্ত্ৰী ভগীৰথ চৌধুৰীয়ে লোকসভাত দিয়া লিখিত উত্তৰত কয় যে ২০১৯-২০ চনৰ পৰা ২০২৩-২৪ চনলৈ ১,৭০৮ টা কৃষি ষ্টাৰ্টআপক ১,২২.৫০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। ২০২৩-২৪ চনৰ ভিতৰত ৫৩২ টা ষ্টাৰ্টআপক প্ৰায় ১৪৭.২৫ কোটি টকা মুকলি কৰি দিয়া হৈছিল।