দুমাহত ১.১ বিলিয়ন ডলাৰ স্পৰ্শ ষ্টাৰ্টআপ ফাণ্ডিঙৰ...

পিই বিনিয়োগত ৰিয়েল এষ্টেট খণ্ডৰ লোকসকলক সাঙুৰি লোৱা নাই। প্ৰতিবেদন অনুসৰি,  বৃহৎ গোটসমূহে পৰিপক্ক ষ্টাৰ্টআপ আৰু কোম্পানীসমূহত পিই-ভিচি বিনিয়োগ কৰিছে। গ্ৰ’থ-পিই ছেগমেণ্টত কোম্পানীসমূহত ২ কোটি ডলাৰৰ ওপৰৰ ‘চিড টু ছিৰিজ ডি’ বিনিয়োগ অন্তৰ্ভুক্ত কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
dfd

ডিজিটেল ডেস্কঃ  ভাৰতৰ গ্ৰ’থ-পিই ষ্টেজৰ প্ৰতিষ্ঠানসমূহে চলিত বৰ্ষৰ প্ৰথম দুমাহত প্ৰাইভেট ইকুইটি-ভেঞ্চাৰ কেপিটেল (পিই-ভিচি) বিনিয়োগেৰে প্ৰায় ১.১ বিলিয়ন ডলাৰত উপনীত হোৱা বুলি এক নতুন প্ৰতিবেদনত প্ৰকাশ পাইছে। গৱেষণা সংস্থা ভেঞ্চাৰ ইন্টেলিজেন্সৰ তথ্য অনুসৰি যোৱা বছৰৰ একে সময়ছোৱাত (CY2024) এই বৃদ্ধি আছিল ৫৯৪ মিলিয়ন।

Advertisment

পিই বিনিয়োগত ৰিয়েল এষ্টেট খণ্ডৰ লোকসকলক সাঙুৰি লোৱা নাই। প্ৰতিবেদন অনুসৰি,  বৃহৎ গোটসমূহে পৰিপক্ক ষ্টাৰ্টআপ আৰু কোম্পানীসমূহত পিই-ভিচি বিনিয়োগ কৰিছে। গ্ৰ’থ-পিই ছেগমেণ্টত কোম্পানীসমূহত ২ কোটি ডলাৰৰ ওপৰৰ ‘চিড টু ছিৰিজ ডি’ বিনিয়োগ অন্তৰ্ভুক্ত কৰা হৈছে।

আন এক প্ৰতিবেদন অনুসৰি ভাৰতত ষ্টাৰ্টআপৰ বাবে ভেঞ্চাৰ কেপিটেল (ভিচি) ফাণ্ডিং লেণ্ডস্কেপ ৬৯.৭ শতাংশ (বছৰৰ পিছত বছৰ) বৃদ্ধি পাই জানুৱাৰী মাহত ৮৮৩.২ মিলিয়ন ডলাৰ (মূল্য অনুসৰি) হৈছে।

ষ্টাৰ্টআপ ইণ্ডিয়া