পৰ্টুগালৰ তাৰকা ফুটবলাৰ ডিয়গ’ জ’টা আৰু নাই

বিশ্বৰ লাখ লাখ অনুৰাগীক দুভৰিৰ যাদুৰে সন্মোহিত কৰি ৰখা পৰ্টুগালৰ তাৰকা ফুটবলাৰ ডিয়গ’ জ’টা আৰু নাই। উত্তৰ স্পেইনত সংঘটিত এক পথ দুৰ্ঘটনাত অকাল বিয়োগ ঘটে ২৮ বছৰীয়া ফুটবলাৰগৰাকীৰ।

author-image
Asomiya Pratidin
New Update
298

ডিজিটেল ডেস্ক : বিশ্বৰ লাখ লাখ অনুৰাগীক দুভৰিৰ যাদুৰে সন্মোহিত কৰি ৰখা পৰ্টুগালৰ তাৰকা ফুটবলাৰ ডিয়গ’ জ’টা আৰু নাই। উত্তৰ স্পেইনত সংঘটিত এক পথ দুৰ্ঘটনাত অকাল বিয়োগ ঘটে ২৮ বছৰীয়া ফুটবলাৰগৰাকীৰ।

Advertisment

জানিব পৰা মতে বৃহস্পতিবাৰে উত্তৰ স্পেইনৰ পৰা বিলাসী লেম্বৰঘিনি বাহনেৰে আহি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় ফুটবলাৰগৰাকী। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে, দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে বাহনখনৰ টায়াৰ ৰিঙৰ পৰা এৰি গৈছিল আৰু অগ্নিকাণ্ড সংঘটিত হৈছিল । অৱশ্যে ঘটনাৰ কিছু সময় পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি জুই নিৰ্বাপণৰ চেষ্টা কৰে যদিও বাহনখনৰ ভিতৰত থকা ফুটবলাৰগৰাকীৰ লগতে তেওঁৰ সম্পৰ্কীয় ভাতৃৰো মৃত্যু হয়। 

আনহাতে প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি তীব্ৰ গতিত আহি থকা বাহনখনে আন এখন বাহনক অতিক্ৰম কৰিবলৈ লওঁতেই দুৰ্ঘটনাত পতিত হয়। উল্লেখযোগ্য যে, দুমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ডিয়গ’ জ’টা। ৰুট কাৰ্ডোছৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা ডিয়গ’ জ’টাই পৰ্টুগালৰ উপৰি লিভাৰপুলতো ফুটবল খেলিছিল।

ফুটবল