হৰিদ্বাৰত পদপিষ্টৰ ঘটনাঃ ৬ জনকৈ ভক্তই হেৰুৱালে প্ৰাণ...

উত্তৰাখণ্ডৰ হৰিদ্বাৰত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাত অতি কমেও ৬ জন লোকৰ প্ৰাণ গৈছে। দেৱভূমি উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত সংঘটিত ঘটনাত আন বহু কেইজন লোক আহত হৈছে। 

author-image
Tushar Pratim
New Update
হৰিদ্বাৰত পদপিষ্টৰ ঘটনাঃ ৬ জনকৈ ভক্তই হেৰুৱালে প্ৰাণ...

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ হৰিদ্বাৰত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাত অতি কমেও ৬ জন লোকৰ প্ৰাণ গৈছে। জানিব পৰা মতে দেৱভূমি উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত সংঘটিত হোৱা এই ঘটনাত আন বহু কেইজন লোক আহত হৈছে। 

Advertisment

মূল মন্দিৰলৈ যোৱা চিৰিৰ ওপৰত এই ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ পিছতে এক হুলস্থুলীয়া পৰিবেশৰো সূচনা হয়। ঘটনাত ৬ জনকৈ ভক্তৰ মৃত্যৰ খবৰ নিশ্চিত কৰি গড়ৱাল সংমণ্ডলৰ আয়ুক্ত বিনয় শংকৰ পাণ্ডেই কয় যে, এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত মনসা দেৱী মন্দিৰত বিপুল জনসমাগম হৈছিল। 

উত্তৰাখণ্ড আৰক্ষীৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ) আৰু স্থানীয় আৰক্ষীয়ে এই ঘটনাৰ পিছতে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, পবিত্ৰ শাওণ মাহ উপলক্ষে হিন্দু দেৱ-দেৱীৰ মন্দিৰত ভক্তই ভিৰ কৰিছে। তাৰ মাজতেই মনসা দেৱীৰ মন্দিৰলৈ যোৱা এই ভক্তসকল পদপিষ্ট হৈ মৃত্যু হোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে। 

শাওণ মাহ উপলক্ষে গংগাৰ পানী সংগ্ৰহ কৰিবলৈ ইয়াত শিৱভক্তসকলৰ ভিৰ হয়। তেওঁলোকৰ বাবে হৰিদ্বাৰ এক প্ৰধান গন্তব্যস্থান। আজিৰ এই ঘটনাৰ পিছতে আহতসকলক এম্বুলেঞ্চৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

উত্তৰাখণ্ড