/asomiyapratidin/media/media_files/2025/05/15/6PxC719q67C6uUzMEW5c.jpg)
কৃতিত্ব
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা সমজিলাৰ শৈক্ষিক ক্ষেত্ৰখনত গুণগত আনুষ্ঠানিক শিক্ষাৰে জ্ঞানৰ গৰিমা বিলাই অহা অন্যতম শিক্ষানুষ্ঠান হ’ল ঢকুৱাখনাৰ চেইণ্ট থমাছ স্কুল । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ( চি বি এছ ই) পাঠ্যক্ৰমৰ অধীনৰ এইখন বিদ্যালয় দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত বিগত এটা দশকৰো অধিক বৰ্ষ সমুজ্জল হৈ আহিছে মেধাত্বৰে ।
/asomiyapratidin/media/media_files/2025/05/15/Dgz0rbAHdAHLcJf5JIn7.jpg)
উৎকৃষ্ট শিক্ষাদানেৰে শিক্ষাৰ্থীসকলক সৰ্বোৎকৃষ্ট মানৱ সম্পদ হিচাপে গঢ় দিয়াত অধিক যত্নপৰ হৈ অহা বিদ্যালয়খনৰ সদ্যঘোষিত দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলে পুনৰ ঢকুৱাখনাৰ বিদ্যায়তনিক ক্ষেত্ৰখন উজ্বলাই তুলিছে । আনুষ্ঠানিক শিক্ষাৰ লগতে সহশিক্ষাৰেও শিক্ষাৰ্থীসকলৰ উৎকৰ্ষ সাধনত ব্ৰতী হৈ অহা বিদ্যালয়খনৰ পৰা চলিত বর্ষত মুঠ ৫৭ গৰাকী শিক্ষাৰ্থী দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
ঘোষিত ফলাফল অনুসৰি বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থী কৃতিত্ব সহকাৰে উত্তীৰ্ণ হৈ (১০০%) নিজৰ লগতে পৰিয়াল আৰু বিদ্যালয়খনলৈ মেটমৰা গৌৰৱৰ সম্ভাৰ কঢ়িয়াই আনিছে। বিদ্যালয়খনৰ মেধাবী ছাত্ৰ ক্ৰমে সৰুজ কুমাৰ ডেকাই সৰ্বোচ্চ ৯৭/২% নম্বৰ , অনুসূয়া নন্দিনীয়ে ৯৬.৮% নম্বৰ , ৰিকী ৰিয়ান বৰুৱাই ৯৬.৮% নম্বৰ , কৃষ্টি ফুকনে ৯৬.২% নম্বৰ , প্ৰিয়াংকো প্ৰতীম দত্তই ৯৪.২% নম্বৰ, প্ৰাচুৰ্যা দাসে ৯২.৪% নম্বৰ , মানস প্ৰতীম দত্তই ৯১.৬% , ঝৰ্ণা পাতিৰে ৯১.০% নম্বৰ, বিচিত্ৰ কুমাৰ পাতিৰে ৯০.৬% নম্বৰ আৰু নীলিম দত্তই ৯০.২% নম্বৰ লাভ কৰাৰ লগতে সকলো বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে ।
বিদ্যালয়খনৰ পৰা মুঠ ৫৭ গৰাকী শিক্ষাৰ্থী দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ১৯ গৰাকীয়ে ডিষ্টিংছন পাবলৈ সক্ষম হৈছে। একেদৰে ১৫ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰাৰ লগতে ১৫ গৰাকীয়ে প্ৰথম আৰু ৮ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে ।
বিদ্যালয়ৰখনে এই পৰীক্ষাত পূৰ্বৰ ১০ টা শিক্ষাবৰ্ষৰ দৰে এই একাদশ শিক্ষা বৰ্ষতো ১০০% উত্তীৰ্ণৰ হাৰেৰে বিজয় ধ্বজা উৰুৱাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে। বিদ্যালয়খনৰ এই গৰিমামণ্ডিত সফল শৈক্ষিক যাত্ৰাত অধ্যক্ষ সেবী এম বেবী ,বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰীৰ অতুল্য অৱদানক কৃতজ্ঞতাৰে সোঁৱৰিছে শিক্ষাৰ্থী সকলৰ লগতে অভিভাৱক আৰু ঢকুৱাখনাৰ শিক্ষাসদী সমাজে ।
ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান চেইণ্ট থমাছ স্কুলৰ শিক্ষাৰ্থী সকলৰ মেধাত্ব আৰু ফলাফলক লৈ উৎফুল্লিত আৰু উৎসাহিত অধ্যক্ষ সমন্বিতে শিক্ষক কৰ্মচাৰী সকলে প্ৰতিগৰাকী বিদ্যাৰ্থীৰ স্বৰ্ণউজ্জ্বল শৈক্ষিক ভৱিষ্যত কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিছে ।