ডিজিটেল সংবাদ,ঢকুৱাখনা: কলকাতাৰ চিকিৎসক হত্যাকাণ্ড ঘটনাই আজিও জোকাৰি আছে সমগ্ৰ ৰাজ্য। এই পাশবিক হত্যাকাণ্ডৰ প্ৰকৃত অভিযুক্তক চিনাক্ত কৰি চৰম শাস্তি প্ৰদানৰ দাবীত বৃহস্পতিবাৰে ঢকুৱাখনাত মমবাতি সমদল আৰু প্ৰাৰ্থনা সভাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰা হয়।
ঢকুৱাখনাৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান চেইণ্ট থমাছ স্কুলৰ শিক্ষক-শিক্ষাৰ্থী সকলে বিদ্যালয় প্ৰাংগনৰ পৰা সন্ধিয়া প্ৰয়াত চিকিৎসক গৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰে মমবাতি সমদল কৰে। বিদ্যালয়ৰ চৌহদৰ পৰা হত্যাকাৰীক ফাঁচী দিয়ক, চিকিৎসক হত্যাৰ ন্যায় লাগে,আমি বিচাৰো ন্যায় আদি শ্লোগান দি ৰাজপথ উত্তাল কৰে।
এনেদৰে প্ৰতিবাদ কৰি ঢকুৱাখনা নগৰ চাৰিআলিত উপস্থিত হয় শিক্ষক-শিক্ষাৰ্থীৰ প্ৰতিবাদকাৰী সকল। নগৰৰ মাজত অৱস্থান কৰি চিকিৎসকগৰাকীৰ প্ৰতিচ্ছবিত পুষ্প মাল্য অৰ্পণ কৰি পুণ্যত্মাৰ সদগতি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰে।
এনে পাশবিক আৰু জঘন্য কাণ্ড সংঘটিত কৰা নৰ পিশাচবোৰক চিনাক্ত কৰি চূড়ান্ত আইনগত কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই শিক্ষাৰ্থীসকলে প্ৰতিবাদী কাৰ্যসূচী সামৰণি মাৰে।