ঢকুৱাখনাত "শ্ৰুতিমালা স্বৰগম" সাংগীতিক কৰ্মশালা...

ঢকুৱাখনাৰ নব প্ৰজন্মক সাংস্কৃতিক ভাবে আগুৱাই নিয়াৰ লগতে সাংগীতিক সহ শিক্ষাৰে প্ৰশিক্ষিত কৰাৰ সংকল্পৰে ২০০২ চনতে প্ৰতিষ্ঠা হৈছিল সাংস্কৃতিক মঞ্চ"শ্ৰুতিমালা স্বৰগম"।  

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত "শ্ৰুতিমালা স্বৰগম" সাংগীতিক কৰ্মশালা...

ডিজিটেল সংবাদ ঢকুৱাখনা: লোক কৃষ্টি সংস্কৃতিৰ কৰ্ষণথলী ঢকুৱাখনা । ঢকুৱাখনাৰ নব প্ৰজন্মক সাংস্কৃতিক ভাবে আগুৱাই নিয়াৰ লগতে সাংগীতিক সহ শিক্ষাৰে প্ৰশিক্ষিত কৰাৰ সংকল্পৰে ২০০২ চনতে প্ৰতিষ্ঠা হৈছিল সাংস্কৃতিক মঞ্চ"শ্ৰুতিমালা স্বৰগম"।  

এই অগ্ৰণী সাংস্কৃতিক মঞ্চ"শ্ৰুতিমালা স্বৰগম"ৰ উদ্যোগত ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হৈছে ২০২৫ বর্ষৰ গ্ৰীষ্মকালীন সংগীত কৰ্মশালা। যোৱা ১৫ জুলাইৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালা অহা ২৬ জুলাই পৰ্যন্ত অব্যাহত থাকিব ।

ঢকুৱাখনাৰ প্ৰায় ৭০ গৰাকী কিশোৰ কিশোৰীৰ অংশগ্ৰহনেৰে অব্যাহত থকা এই কৰ্মশালাত  উচ্চ প্ৰশিক্ষিত সংগীত সাধকৰ জৰিয়তে ভকেল, গীটাৰ, ভায়'লিন, কী-বৰ্ডৰ লগতে যোগাসনৰ প্ৰণালীবদ্ধ আৰু পৰিশীলিত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। "শ্ৰুতিমালা স্বৰগম"ৰ সভাপতি প্ৰশান্ত গগৈ ,সম্পাদক অক্ষয় প্ৰীতে জনোৱা মতে সুকণ্ঠী সঙ্গীত শিল্পী মিতালী গোস্বামী , পৰীস্মিতা ফুকন ,যুৱ প্ৰজন্মৰ পৰিচিত গায়ক অক্ষয় প্ৰীতৰ জৰিয়তে 'ভকেল'ৰ, সুনিপুন বাদ্যযন্ত্ৰী সুবিমল ডেকা, লেনীন গগৈ, মৃদুল বৰুৱা, মঞ্জিল গগৈ, ৰুবুল কোঁৱৰ আদিৰ বহু কেইগৰাকীৰ জৰিয়তে বাদ্যযন্ত্ৰৰ গুণগত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

অহা ২৬ জুলাইত এই কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হব মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত। ঢকুৱাখনাৰ সংগীতানুৰাগী ৰাইজ ,অভিভাৱক সমাজৰ সামৰণি অনুষ্ঠানত উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে "শ্ৰুতিমালা স্বৰগম" পৰিয়ালে।

ঢকুৱাখনা