কালি দুজনমানে শংকৰজ্যোতি বিৰুদ্ধে ন্যায়াধীশৰ দৰে কথা ক'লেঃ শৃংখল চলিহা...

দুলীয়াজানৰ তেল ডিপোত সংঘটিত হোৱা ঘটনাক লৈ শংকৰজ্যোতি বৰুৱা বৰ্তমানেও ন্যায়িক জিম্মাত আছে। এটা গোচৰত জামিন লাভ কৰিছে যদিও আনএটা গোচৰত এতিয়ালৈতে জামিন লাভ কৰা নাই প্ৰাক্তন

New Update
eedd

ডিজিটেল ডেস্কঃ দুলীয়াজানৰ তেল ডিপোত সংঘটিত হোৱা ঘটনাক লৈ শংকৰজ্যোতি বৰুৱা বৰ্তমানেও ন্যায়িক জিম্মাত আছে। এটা গোচৰত জামিন লাভ কৰিছে যদিও আনএটা গোচৰত এতিয়ালৈতে জামিন লাভ কৰা নাই প্ৰাক্তন ছাত্ৰ নেতাজনে। অনা অসমীয়াৰ বিৰুদ্ধে যুজ দি এনেদৰে ন্যায়িক জিম্মাত থকা শংকৰজ্যোতিক লৈ আছুয়ে শেহতীয়াকৈ নিজৰ স্থিতি স্পষ্ট কৰিছিল।

Advertisment

নাৰীক শোষণ কৰা কোনো যুৱক বা নেতা সপক্ষই আছু নাই আৰু ভৱিষ্যতলৈও নাথাকে বুলি স্পষ্ট বাৰ্তা দিছিল আছুয়ে। আছুৰ এই প্ৰতিক্ৰিয়াৰ পিছতে শৃংখল চলিহাই এই বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাৰোৰে নাম নোলোৱাকৈ শৃংখল চলিহাই কয় যে, কালি মই কেইজনমানক ন্যায়াধীশৰ দৰে কথা কোৱা দেখিলো। তেওলোকে শংকৰজ্যোতিক দোষী সাব্য়স্ত কৰি যেন ৰায় প্ৰদান কৰিছে। শংকৰজ্যোতিৰ বিৰুদ্ধে কোৱাসকল ন্যায়াধীশ নতুবা ৰায় প্ৰদান কৰিব নোৱাৰে।

উল্লেখ্য যে, যোৱা শনিবাৰে সংবাদমেল সম্বোধন কৰি আছুৰ সভাপতি আৰু মুখ্য উপদেষ্টাই শংকৰৰ পক্ষত কিয় নাই তাৰ কাৰণ ব্যাখ্যা কৰিছিল। উক্ত সংবাদমেলক লৈয়ে আজি শৃংখল চলিহাই নাম নোলোৱাকৈ তীক্ষ্ণ কটাক্ষ কৰা দেখা গল। 

আছু