/asomiyapratidin/media/media_files/2025/06/01/OX6pmivbz7x5zQwJC2SJ.jpg)
শৃংখল চলিহা আৰু ভিক্টৰ দাসৰ মাজত প্ৰচণ্ড যুঁজ। শৃংখল চলিহাৰ সমালোচনাত মুখৰ হৈ অশ্লীল ভাষাৰে সৰৱ হৈ পৰিছে ভিক্টৰ দাস। কিন্তু ইয়াৰ আঁৰত কি কাৰণ আছে। কি এনে কাৰনত শৃংখল চলিহাক কটুভাষাৰে সমালোচনা কৰিছে ভিক্টৰে। অসমীয়া প্ৰতিদিন ডিজিটেল এক প্ৰতিবেদন...
সামাজিক মাধ্যমত হঠাৎ শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি উঠিল ভিক্টৰ দাস নামৰ বিতৰ্কিত যুৱকজন। শৃংখল চলিহাৰ সমালোচনাত মুখৰ হৈ অশ্লীল ভাষাৰে সৰৱ হৈ পৰিল ভিক্টৰ দাস।
সামাজিক মাধ্যমত এতিয়া তেনে এক প্ৰৱণতাই গা কৰি উঠিছে। একাংশ লোকে সামাজিক মাধ্যমত ভিডিঅ’, ৰীলছ দিয়াৰ নামত সাধাৰণ সৌজন্যতাবোধ পাহৰি গৈছে। সেই ৰুচীহীনতাই চানি ধৰিছে আজিৰ সময়ক।
তেনে প্ৰেক্ষাপটতে ভিক্টৰ দাসৰ বিৰ্তকিত কৰ্ম-কাণ্ড ভিন্ন সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যাৰ বাবে জেইল যাত্ৰা পৰ্যন্ত কৰিব লগা হৈছে ভিক্টৰ নাম যুৱকজনে। গুৰু-গোসাই নমনা ভিক্টৰৰ এনে কাৰ্য যেন কেৱল ভাইৰেল হোৱাৰ ইচ্ছাৰ প্ৰতিফলন।
ভিক্টৰে শৃংখল চলিহাক পেঞ্চিল আখ্যা দি সাহস থাকিলে অকলে তেওঁৰ কাষলৈ আহিবলৈ প্ৰত্যাহ্বান জনাইছে। সেই চুপতি ফেচবুকত চলি থকা সময়তে এটা ভিডিঅ ৰাজহুৱা হৈছে।
যিটো ভিডিঅত ভিক্টৰ দাসে এগৰাকী যুৱতীক বেয়াকৈ মাৰধৰ কৰা দেখা পোৱা গৈছে। সামাজিক মাধ্যমত সেই ভিডিঅ মূৰ্হুতৰ ভিতৰতে ভাইৰেল হৈ পৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেলৰ খবৰ অনুসৰি, ভিক্টৰৰ এই ভিডিঅ ভাইৰেল কৰা হৈছে বীৰ লাচিত সেনাৰ এক উতসৰ পৰা।
লাচিত সেনাৰ নেতা শৃংখল চলিহাক সামাজিক মাধ্যমত অপ্ৰত্যাশিতভাৱে আক্ৰমণ কৰাৰ পৰিণতিত ভিক্টৰৰ প্ৰকৃত স্বৰূপ উদঙাই সেই ভিডিঅটো সামাজিক মাধ্যমত ১জুন, ২০২৫ত এৰি দিয়া হৈছে।
আন এক খবৰ অনুসৰি, শৃংখল চলিহাৰ সৈতে যোগাযোগ আছিল ভিক্টৰ দাসৰ। প্ৰায়ে ভিক্টৰ দাসে শৃংখল চলিহালৈ ফোন কৰিছিল। টেলিফোনযোগে হোৱা কথা-বতৰাত শৃংখল চলিহাক ভিক্টৰ দাসে বীৰ লাচিত সেনাত যোগ দিয়াৰ ইচ্ছা ব্যক্ত কৰিছিল।
শৃংখল চলিহাই ভিক্টৰ দাসৰ এনে প্ৰস্তাৱ অস্বীকাৰ কৰিছিল। আনকি ভিক্টৰ দাসে বীৰ লাচিত সেনাৰ মুখপাত্ৰৰ দায়িত্ব দিবলৈও চলিহাক অনুৰোধ জনাইছিল। চলিহাই ভিক্টৰ দাসৰ দৰে এজন উদণ্ড লোকক কোনো কাৰনতে লাচিত সেনাত যোগ দিবলৈ দিয়া নহয় বুলি স্পষ্ট কৰি দিছিল।
তাৰপাছতো শৃংখললৈ ফোন কৰি অনুৰূপ অনুৰোধ কৰি থকাত ভিক্টৰ দাসৰ মোবাইল নম্বৰ ব্লক কৰি দিছিল শৃংখল চলিহাই। তাৰ পাছৰ পৰাই শৃংখল চলিহাৰ বিৰুদ্ধে মাত মাতিছিল ভিক্টৰে।
এনেকৈয়ে ভিক্টৰ-শৃংখলৰ মাজৰ এই সংঘাত সৃষ্টি হয়। তাৰ পৰিণতিতে ভিক্টৰ দাসৰ এই ভিডিঅ ৰাজহুৱা কৰি ভিক্টৰ নামৰ যুৱকজন প্ৰকৃততে কি, সেয়া সাধাৰণ লোকক জনাই দিছে বীৰ লাচিত সেনাই।