/asomiyapratidin/media/media_files/2025/01/31/CNzruKKp6qED710N3xUP.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ পাথৰি চাৰিআলিৰ বঢ়াৰ পো শ্ৰী শ্ৰী মাধৱদেৱ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ অধিৱেশন । আজিৰে পৰা ২ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্য্যসূচীৰে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আয়োজন কৰা হৈছে ।
শুকুৰবাৰে পুৱাৰ ভাগত প্ৰাতঃপ্ৰসঙ্গ,পৰিবেশ নিকাকৰন,বৃক্ষৰোপণ কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ৷ সমান্তৰালভাৱে পুৱা ৮.৩০ বজাত প্ৰথম মূল তোৰণ উন্মোচন কৰে মাধৱদেৱ পাথৰি আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি লক্ষ্মীৰাম বৰাই ৷ দিনৰ ১০ বজাত নাম প্ৰসঙ্গ ,১১ বজাত শিশু আই-মাতৃ সকলৰ কল্যান শাখা সমিতিৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়।
বিয়লি ৪ বজাত সেৱা বাহিনী শিৱিৰ আৰু প্ৰতিনিধি শিবিৰৰ দ্বাৰ উন্মোচন কৰা হয়। সন্ধ্যা সেৱা বাহিনীৰ সাধাৰন পৰিষদৰ সভা ,নাম প্ৰসঙ্গ আৰু গন্ধ বাদন অনুষ্ঠান অনুষ্ঠিত হয়। কাইলৈ দ্বিতীয় দিনা পুৱাৰ ভাগত নগাঁও জিলা সেৱা বাহিনী সকলৰ দ্বাৰা পৰিবেশ নিকাকৰন ,প্ৰতিনিধি সকলৰ নাম পঞ্জীয়ন,প্ৰতিনিধি সভাৰ বৈঠক,সন্ধ্যা ৬.৩০ বজাৰ গুৰুজনাৰ সৃষ্টিৰাজি অংকীয়া নাট "পাৰিজাত হৰন" মঞ্চস্থ কৰা হ’ব ৷ নিশা ৯ বজাৰ লগে লগে নৱ নিৰ্বাচিত কাৰ্য্যনিৰ্বাহৰ প্ৰথম খনি বৈঠক অনুষ্ঠিত হ’ব৷
সমান্তৰালভাৱে অন্তিম দিনাখন পুৱা ৯ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰা হ’ব। লগতে ৯.৩০ বজাত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব৷ দুপৰীয়া অনুষ্ঠিত হ’ব লগা মুকলি সভা উদ্ধোধন কৰিব নগাঁও জিলা শাখাৰ সম্পাদক বিপুল শইকীয়াই৷
উল্লেখ্য যে মুকলি সভাত সন্মানীয় আৰু বিশিষ্ট অতিথি সকলৰ মাজত আলাপ-আলোচনা কৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি আঞ্চলিক শাখাৰ হৈ সভাপতি কৰুণা কান্ত হাজৰিকা, সম্পাদক অনিল হাজৰিকা ,আদৰণি সমিতিৰ হৈ সভাপতি নিত্যানন্দ বৰা,সাধাৰণ সম্পাদক ৰঞ্জিত শইকীয়াই জানিবলৈ দিয়ে ৷ সংঘৰ নগাঁও জিলা সমিতিৰ অধিবেশন উপলক্ষে পাঠৰিত উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হোৱাৰ লগতে দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ ৰূপান্তৰিত হৈছে।