কলাক্ষেত্ৰত শ্ৰীকৃষ্ণৰ ৰাসলীলা 'ৰাস মধুৰম' মঞ্চায়ন...

কলাক্ষেত্ৰত  শ্ৰীকৃষ্ণৰ ৰাসলীলা  'ৰাস মধুৰম' মঞ্চায়ন...
কলাক্ষেত্ৰত শ্ৰীকৃষ্ণৰ ৰাসলীলা 'ৰাস মধুৰম' মঞ্চায়ন...

ডিজিটেল ডেস্কঃ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি 'জয়ন্তী বৰ্ষ'ৰ শুভাৰম্ভ কৰিব বিচৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা 'ৰাস মধুৰম' অনুষ্ঠানেৰে। ৰাস যাত্ৰাৰ দুজনা গুৰুৰ মহান পৰম্পৰা অক্ষুণ্ণ ৰাখি পৰিৱেশনত সমসাময়িক চিন্তাৰে অগ্ৰসৰ হ'বলৈ যত্ন কৰা হৈছে।

বৃন্দাবনত কৃষ্ণৰ ৰাস লীলা আৰু কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি বাল্যকালৰ লীলাৰে সামৰি মহাৰাসক সামৰা এই মোহনীয় অনুষ্ঠান পৰিৱেশন কৰিবলৈ বিনম্ৰ প্ৰয়াস কৰা হৈছে। 'ৰাস মধুৰম' মঞ্চায়ন কৰা হয় ১২ নৱেম্বৰ, ২০২২ তাৰিখে সন্ধিয়া ৬-৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত।

অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ তথা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ কাৰ্যনিৰ্বাহী পৰিষদৰ সদস্যা জনাৰ্দ্দন দেৱ গোস্বামীদেৱে। অহা ১৩ নৱেম্বৰ, ২০২২ তাৰিখে সন্ধিয়া ৬-৩০ বজাৰ পৰা একেখন মঞ্চতে উক্ত নাটখনি প্ৰদৰ্শন কৰা হ'ব।

শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ উপলক্ষে এক বিনম্র প্রযোজনা- “ৰাস মধুৰম”। অসমৰ ২০ টা নৃগোষ্ঠীয় শিল্পীৰ অভিনয়েৰে মঞ্চায়িত হ'বলগীয়া শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলাৰ কাহিনী শ্রীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত কীর্তন-দশম, কেলিগোপাল আৰু ঝুমুৰাসমূহৰ আধাৰত যুগুত কৰা হৈছে।

বৈষ্ণৱ সংস্কৃতিত ভগৱান শ্ৰীকৃষ্ণক পূর্ণ-অৱতাৰী পৰম ব্ৰহ্মা বুলি অভিহিত কৰা হৈছে। ভাৰতীয় আদৰ্শত কৃষ্ণ-সংস্কৃতিৰ দুটা ধাৰা পোৱা যায় মহাভাৰত, ভাগৱত গীতাৰ কৃষ্ণ আৰু বৃন্দাবন, মথুৰাৰ শিশু-কিশোৰ কৃষ্ণ। ভগৱান কৃষ্ণই তেওঁৰ জীৱন কালত অনেক লীলা প্ৰদৰ্শন কৰি গৈছে। তাৰ ভিতৰত অন্যতম হৈছে ৰাসলীলা। ইয়াক কৃষ্ণ-সংস্কৃতিৰ দ্বিতীয়টো ধাৰাত পোৱা যায়।

ঋকবেদত উল্লিখিত 'সমন' উৎসৱৰ ক্ৰম বিৱৰ্তন হৈ 'হল্লীশ’, ‘ছাল্লিক্য' আৰু পিছলৈ 'ৰাস' নামেৰে জনাজাত হয় বুলি কোৱা হয়। মহাভাৰতৰ পৰৱৰ্তী সংযোজন 'হৰিবংশ'ত ৰাসলীলাৰ বৰ্ণনা আছে।

ইয়াৰ পিছত ব্ৰহ্মপুৰাণ, বিষ্ণুপুৰাণ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ আৰু শ্ৰীমদ্ভাগৱত পুৰাণত ৰাসলীলাৰ সবিস্তাৰ বিৱৰণ আছে। শ্ৰীমন্ত শংকৰদেৱৰ 'কীৰ্ত্তন' আৰু 'দশম' ত ৰাসলীলাক সম্পূর্ণ ভক্তিবাদী ৰূপত অংকন কৰা হৈছে। কৃষ্ণৰূপী পৰমব্ৰহ্ম পৰমাত্মাৰ প্ৰতি জীৱাত্মা গোপীসকলৰ দুৰ্বাৰ আকৰ্ষণতেই ৰাসলীলাৰ তাৎপৰ্য বিচাৰি পোৱা যায়; য'ত জীৱাত্মাৰ পৰমাত্মলৈ আৰু পার্থিব সুখৰ আধ্যাত্মিকতালৈ উত্তৰণ ঘটিছে।

কৃষ্ণৰ প্ৰতি গোপীসকলৰ যি আকর্ষণ, তাত আছে সকলো পার্থিৱ ভোগ-বিলাস ত্যাগ কৰি সকলো বন্ধন ছিন্ন কৰি নিজৰ সত্তা আঁতৰাই কৃষ্ণত সমৰ্পণৰ আকাংক্ষা। ইয়াৰ মাজেৰে কেৱল গোপীসকলেই নহয়, পৃথিৱীৰ সমস্ত জীৱৰ হৃদয় কৃষ্ণ নামে ক্ৰিয়া কৰি কৃষ্ণত লীন হৈ গৈছে।

নাটখনিত অভিনয় শিল্পীসকল হ'ল ক্ৰমে- নৱ কুমাৰ বৰুৱা, সুৰঞ্জিত মালাকাৰ, গৌৰৱ বৰা, মন্টু গগৈ, সীতাৰাণী হাজৰিকা, প্ৰজ্ঞা পাৰমিতা, মমী দত্ত, ড° মমী শৰ্মা, বিস্মিতা দেৱী, পূর্ণিমা বংজাং, গৌতম কুমাৰ দাস, মুন কুমাৰ শ‍ইকীয়া, বিনোদ দাস, হৰেন্দ্ৰ দাস, গুৰেণ দেউৰী, ভূষণ তালুকদাৰ, বেদান্ত বিকাশ দত্ত, নয়নজ্যোতি শ‍ইকীয়া, সীমান্ত হাজৰিকা, হিমাংশু দেউৰী, ভাৰ্গৱলোচন বুঢ়াগোহাঁই, চানদীপ চেতিয়া, ৰিকাশ ৰাণা, নিত্যানন্দ হাজং, আশীষ গাজমীৰ, উৎপল গোঁহাই, ৰাতুল সিনহা, মৌচুমী বৰা, জয়ামণি গায়ন, ৰুকছানা হুছেইন, প্রেৰণা চলিহা, বিদিশা কাশ্যপ, ডলী বড়ো, গৌৰী ৰায়, বৰমা বে', ঊষাৰাণী ৰাভা,মাইনাও ৰামচিয়াৰী, প্রিজা চৌধুৰী, মেঘনা বৰুৱা, ধনীমাই য়েইন, লক্ষ্মী সিন্হা, মৌচুমী মৰাণ, ৰেছনা প্ৰধান, দর্শনা গগৈ, নম্রতা হাজং, সুজাতা ইংলেং, মধুস্মিতা মহন্ত, ৰিতুমণি কাথাৰ, কৰিশ্মা কাথাৰ, পায়েল ওৰাং, নিজু সেনাপতি, ময়ূৰপংখী ফুকন।

শিশুশিল্পী ক্রমে— মৃণ্ময় কলিতা, বন্দিত কৌশিক বৰা, অর্ণৱজ্যোতি বৰা, অনিমেশ শ‍ইকীয়া, চিৰাগ ভৰদ্বাজ, পার্থপ্রতিম বর্মণ, বিজিতৰাজ কাকতি, ঋষি কাকতি, মধুস্মৃতা চৌধুৰী, বন্দিতা দাস, হর্ষিতা মাত', ধৃতিস্মৃতা মেধি, হর্ষিতা মেধি, সংস্কৃতি মহন্ত, দিক্ষীতা কলিতা, প্রিঞ্চিকা শৰণীয়া, উপাসনা চক্ৰৱৰ্তী, দেৱাস্মিতা চক্রবর্তী, লীনাশ্রী দাস।

নাটখনিৰ সামগ্রিক পৰিকল্পনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰৰ। নাট সম্পাদনা হীৰু প্ৰসাদ মহন্ত, অবিনাশ শৰ্মা। নৃত্যাংশৰ পৰিচালনা অকাডেমীৰত্ন পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী।

নাট্যাংশৰ পৰিচালনা: অবিনাশ শর্মাৰ। কণ্ঠ সংগীত কৃষ্ণ গোস্বামী। সংগীত ভাস্কৰজ্যোতি ওজাৰ। নাটখনিৰ মুখা নির্মাতা- শ্রীশ্রী নতুন চামগুৰি সত্ৰ, মাজুলীৰ হেমচন্দ্র গোস্বামী।

নৃত্যাংশৰ সহঃ পৰিচালক- গোপালকৃষ্ণ গোস্বামী, সীতাৰাণী হাজৰিকা। নাট্যাংশৰ সহঃ পৰিচালক- বিস্মিতা দেৱী। নৃত্যাংশৰ সহঃ প্রশিক্ষক- মৌচুমী বৰা, জয়ামণি গায়ন, ৰুকছানা হুছেইন, প্ৰেৰণা চলিহা, বিদিশা কাশ্যপ, নাট্যাংশ : বিনোদ দাস, গৌতম কুমাৰ দাস, মুন কুমাৰ শ‍ইকীয়া, কণ্ঠদান- মনদ্বীপ মহন্ত, কবিন্দ্র দাস, শৰত ৰাগ, স্বৰাজ দাস, হীৰাশ্ৰী বৈশ্য, যশোধৰা গোস্বামী, ত্রিবেণী বুজৰবৰুৱা, প্রিজা চৌধুৰী, দৰ্শনা গগৈ।

বাদ্যযন্ত্রী – নৱজিৎ শ‍ইকীয়া, উদীপ্ত পাঠক। শব্দযন্ত্রী কবিন্দ্র দাস, উদীপ্ত শর্মা (সহকাৰী)। মুখা পৰিচালনা আৰু পৰিৱেশন – প্রশান্ত শৰ্মা, মদন বৰা, মনোৰঞ্জন মহন্ত আৰু পার্থপ্রতিম শৰ্মাৰ।

সূত্ৰধাৰ- আনেন কাশ্যপ। গায়ন-বায়ন- জগত বাৰিক, পংকজ বৰুৱা, দয়াৰাম বৰা, নির্মল পাঠক, প্রবীণ কলিতা। মঞ্চ সজ্জা বিশিষ্ট কলানিৰ্দেশক নুৰুদ্দিন আহমেদৰ।

পোহৰ সজ্জ- ডিম্পল দাসৰ আৰু সংগীত প্রক্ষেপক - ইক্রামূল হক। সাজ- সজ্জা – ৰাণী দত্ত বৰুৱাৰ আৰু ৰূপসজ্জা - তীব্রজ্যোতি বৈৰাগীৰ। কাৰিকৰী শিল্পী ক্রমে- হস্ত আৰু মঞ্চ সামগ্রীত - ৰমেশ বৰ্মণ, শিৱম শ‍ইকীয়া।

শব্দ পৰিচালনা যতীন শৰ্মা, বাবুল তালুকদাৰ আৰু মনোজ দাসৰ। পোহৰ সহযোগী — ডিম্বেশ্বৰ দাসৰ। ফটোগ্রাফী মন্টু দাসৰ আৰু ভিডিঅ'গ্রাফী- শেখৰজ্যোতি বৈশ্যৰ।

উল্লেখযোগ্য যে, অহা ১৪ আৰু ১৬ নৱেম্বৰ, ২০২২ তাৰিখে নলবাৰীৰ প্ৰসিদ্ধ শ্ৰীশ্ৰীহৰি মন্দিৰ প্ৰাংগণতো পৰিৱেশিত হ'ব। উক্ত আটাইকেদিনৰ ৰাসোৎসৱলৈ সমূহ ৰাইজৰ উপস্থিতি কলাক্ষেত্র সমাজে কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in