শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ 'ৰূপালী জয়ন্তী'...

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

ডিজিটেল ডেস্কঃ ৯ নৱেম্বৰ, ২০২২ বুধবাৰে ২৫ বছৰীয়া হ'ব অসমীয়া জাতিৰ বাবে উচৰ্গিত উত্তৰ পূব ভাৰতৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। তদুপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে বৰ্ণিল কাৰ্যক্ৰমণিকাৰে বুধবাৰে 'ৰূপালী জয়ন্তী বৰ্ষ' ৰূপে উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

সেই উদ্দেশ্যৰে ৯ নৱেম্বৰ, বুধবাৰে পুৱা ৯ বজাত সৰ্বপদ মঙ্গৰল কামনাৰে অনুষ্ঠিত কৰিছে নাম-প্ৰসংগ। কলাক্ষেত্ৰৰ কীৰ্ত্তন ঘৰত অনুষ্ঠিত হ'ব এই অনুষ্ঠান।

পুৱা ১০ বজাত অনুষ্ঠিত হ'ব পতাকা উত্তোলন কাৰ্যসূচী। ১০-৩০ বজাত অনুষ্ঠিত হ'ব বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। দিনৰ ঠিক ১১-৩০ বজাত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

কাৰ্যসূচী অনুসৰি বিয়লি ৪ বজাত আছে প্ৰদৰ্শনী উদ্বোধন। এই প্ৰদৰ্শনীত অতীতদৰ্শী নামেৰে ননী বৰপূজাৰীৰ চিত্ৰ কৰ্মৰ একক প্ৰদৰ্শনীৰ লগতে অতীত বীক্ষণ নামেৰে আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হ'ব।

আনহাতে ৪-৩০ বজাত আছে পৰম্পৰাগত আকাশবন্তি প্ৰজ্বলন। ইফালে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়াৰ উপলক্ষে ১২ আৰু ১৩ নৱেম্বৰত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সন্ধ্যা ৬ বজাৰ পৰা আছে 'ৰাস মধুৰম'। ইয়াৰ বিশেষ আকৰ্ষণ অসমৰ ২০ নৃগোষ্ঠীয় শিল্পীৰ অংশগ্ৰহণ। আনহাতে ১৪ আৰু ১৬ নম্বেৱৰত নলবাৰীৰ হৰি মন্দিৰ প্ৰাংগণৰ প্ৰেক্ষাগৃহতো এই অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি কলাক্ষেত্ৰ সমাজে জনাইছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in