আজিৰে পৰা মাইবেলাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী আৰম্ভ...

বৰগীত,সত্ৰীয়া নৃত্য আৰু দিহানাম পৰিবেশন

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা মাইবেলাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী আৰম্ভ...

MAIBELA

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ সমীপৰ  মাইবেলা বৰনামঘৰৰ সৌজন্যত  আজিৰে পৰা দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ আৰম্ভ হৈছে ৷ এই উপলক্ষে পুৱা  পৰিৱেশ নিকাকৰণ,বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভণি হয় ৷

Advertisment

ইয়াৰ পিচতেই শৰাই উচৰ্গা, নাম প্ৰসংগ আৰু  ভাগৱত পাঠ  আদি অনুষ্ঠানত হয়। পুৱা কাৰ্যসূচীত সোণাৰি সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰে ৷ কাইলৈ শংকৰজয়ন্তীৰ সৈতে সংগতি ৰাখি বৰগীত,সত্ৰীয়া নৃত্য আৰু দিহানাম পৰিবেশন কৰা হ'ব বুলি উদ্যোক্তা জানিবলৈ দিছে ৷

MAIBELA choraideu