/asomiyapratidin/media/media_files/2025/06/15/Cra0K791JPHYJnpHWEZf.jpg)
ডিজিটেল ডেস্কঃ ঘোষণা হ'ল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰচিটি অফ হেলথ চায়েন্সৰ বি ফাৰ্মৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ১৯৩গৰাকী শিক্ষাৰ্থীৰ ভিতৰত এইবৰ্ষত উৰ্ত্তীণ হৈছে ১৪২গৰাকী শিক্ষাৰ্থী। এইবাৰ পৰীক্ষাত প্ৰথম ১০টা স্থানত ৪৬গৰাকী পৰীক্ষাৰ্থী আছে।
এন ই এফ কলেফ অৱ ফাৰ্মাচীৰ সনৎ কুমাৰ গোস্বামীয়ে এই পৰীক্ষাত বিশ্ববিদ্যালয়ৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। দ্বিতীয় শীৰ্ষ স্থান লাভ কৰিছে ৰি'জনেল কলেজ অৱ ফাৰ্মাচিটিকেল চায়েন্স , গুৱাহাটীৰ মনতৃষ্ণা পাঠকে। মুঠ তিনিগৰাকী পৰীক্ষাৰ্থীয়ে লাভ কৰি তৃতীয় স্থান। তেওঁলোক ক্ৰমে- চিৰঞ্জিতা ছেত্ৰী, মনালিছা চুলতানা আৰু চামছুন নাহাৰ। এই তিনিও গৰাকী এন ই এফ কলেফ অৱ ফাৰ্মাচীৰ শিক্ষাৰ্থী।
এই পৰীক্ষাত চতুৰ্থ স্থান দখল কৰিছে ৮গৰাকী পৰীক্ষাৰ্থীয়ে। তেওঁলোক হ'ল- ৰিজনেল কলেজ অৱ ফাৰ্মাচিটিকেল চায়েন্স, গুৱাহাটীৰ পীঠৰংলা অমৰ, এন ই এফ কলেফ অৱ ফাৰ্মাচীৰ ইমন চৌধুৰী, ফিৰদোছ আহমেদ, হিমানজিত বৰ্মন, জোনেইড ৰাজা, মেঘা সূত্ৰধৰ, মৃদুষ্ময় ৰয়, ৰাইহান বীন আজাদ।
পঞ্চম শীৰ্ষ স্থান দখল কৰিছে ৰি'জনেল কলেজ অৱ ফাৰ্মাচিটিকেল চায়েন্স, গুৱাহাটীৰ কুৱলী দাস, জে পি ইনষ্টিউট অৱ ফাৰ্মাচীৰ দেৱব্ৰত নাথ আৰু চুলতান তনবীৰাই। ষষ্ঠ শীৰ্ষ স্থান লাভ কৰা পৰীক্ষাৰ্থীসকল ক্ৰমে এন ই এফ কলেফ অৱ ফাৰ্মাচী, গুৱাহাটীৰ অনন্যা সাহা, ৰমেন কুমাৰ ডেকা, ছন্দময় মহন্ত আৰু এন ই এফ কলেফ অৱ ফাৰ্মাচী,নগাঁৱৰ ছাহিদুল আহমেদ, ওম্মে হাবিবা, নাজবিন কৰিমে।
সপ্তম স্থান লাভ কৰা সকল ক্ৰমে, ৰি'জনেল কলেজ অৱ ফাৰ্মাচিটিকেল চায়েন্স , গুৱাহাটীৰ পুণম চৌহান, জে পি ইনষ্টিউট অৱ ফাৰ্মাচীৰ জিনা হুছেইন, ছুফিয়েল ইছলাম। অষ্টম স্থান লাভ কৰিছে, এন ই এফ কলেফ অৱ ফাৰ্মাচীৰ আফ্ৰিন খান, NEPEDS কলেজ অৱ ফাৰ্মাচিটিকেল চায়েন্সৰ ৰাজু আহমেদ, এন ই এফ কলেফ অৱ ফাৰ্মাচী,নগাঁৱৰ কুলছুমা বেগম, ৰেকিব আবিন।
নৱম শীৰ্ষস্থান দখল কৰিছে ৪গৰাকী শিক্ষাৰ্থীয়ে। তেওঁলোক ক্ৰমে- ৰি'জনেল কলেজ অৱ ফাৰ্মাচিটিকেল চায়েন্স , গুৱাহাটীৰ ৰিতিশা বক্সী, এন ই এফৰ গোলাপ মুস্তাফা মণ্ডল, সুনেদ্ৰ ডেকা আৰু জে পি ইনষ্টিউট অৱ ফাৰ্মাচীৰ নুৰুল হক। দশম স্থান লাভ কৰা মুঠ ১৩গৰাকী শিক্ষাৰ্থী হৈছে- বিজয় দাস, বিশাল দাস, মৃদুল হুছেইন আনচাৰী, জ্যোতিময় চৌধুৰী, অবিনাশ বৰ্মন, আশা চিকদাৰ, বিদ্যুত মজুমদাৰ, নুৰচাত চুলতানা আহমেদ, নাৰগিছ আমিন চৌধুৰী, ৰজনাৰা ইছলাম, ছাহিদ খান, মমতাজ বেগম আৰু ৰাহুল জামান চৌধুৰী।
উল্লেখ কৰা প্ৰয়োজন যে, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰচিটি অফ হেলছ চায়েন্সৰ অধীনত আছে ৭খনকৈ মহাবিদ্যালয়।